ETV Bharat / state

75 workers rescued from Arunachal: অৰুণাচলত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

author img

By

Published : Nov 4, 2022, 8:16 PM IST

অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ থকা মৰিয়নিৰ ৮ জন শ্ৰমিকসহ অন্য ৭৫ জন শ্ৰমিকক শুকুৰবাৰে উদ্ধাৰ কৰে আৰক্ষীয়ে (Assam workers rescued in Arunachal Pradesh) ৷ সম্প্ৰতি যুৱককেইজনক পৰিয়ালৰ লোকক গতাই দিছে আৰক্ষীয়ে ।

8 workers, including 75 workers rescued in Arunachal pradesh
বহিঃৰাজ্যত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

মৰিয়নি, 4 নৱেম্বৰ: "আমাক আমাৰ গাঁৱৰে ম’ন চাহুৱে কৈছিল যে কাম আছে, যাৱ যদি ওলাবি ৷ তালৈ গৈ আমি গম পাঁও যে আমি ডাঙৰ ডাঙৰ কালভাৰ্ট বনাব লাগে ৷ কিন্তু আমাৰ লগত তেনেকুৱা মানুহ নাই ৷ আমি আগতে কলভাৰ্ট বনোৱা, ব্ৰীজ বনোৱা কাম কৰাও নাই ৷ হ’লেও আমি দায়িত্ব লৈ ব্ৰীজৰ কাম আৰম্ভ কৰিছিলো ৷ কিন্তু আমাৰ সন্মুখতে আগতে কাম কৰা লোকসকলক মাৰধৰ কৰিছিল ৷ আমাৰ বেমাৰ হ’লেও আমাক কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল ৷

বহিঃৰাজ্যত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

নকৰিলে আমাক মাৰপিট কৰাৰ ধমকি দিছিল ৷ আমাক তাত কাম কৰি থকা পুৰণা লোকসকলে কৈছিল যে মোবাইল নেদেখুৱাবি নহ’লে তহঁতৰ মোবাইল লৈ ল’ব ৷ সেইবাবে আমি তেওঁলোকক মোবাইলসমূহ দেখুওৱা নাছিলো ৷ আমি তাত শুনামতে আগতে কাম কৰা এজন লোকক শাস্তিস্বৰূপে হাত কাটি দিছিল ৷

সেই ভয়তে আমি যথেষ্ট সাৱধনতা অৱলম্বন কৰিছিলো ৷ আমাক পুৰণা লোকসকলে কোৱামতে ঠিকাদাৰজন নাপুঙৰ মাইকেল বুলি কৈছিল ৷ আমাক ডিব্ৰুগড়লৈ কাম কৰাৰ কথা লৈ অৰুণাচল প্ৰদেশলৈ লৈ গৈছিল ৷" সংবাদমাধ্যমৰ সন্মুখত উদ্ধাৰ হোৱা শ্ৰমিকৰ ভয়াবহ অভিজ্ঞতাৰ বৰ্ণনা এয়া (Labor rescued in Arunachal Pradesh) ৷

কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে অৰুণাচল প্ৰদেশলৈ লৈ গৈ আৱদ্ধ কৰি ৰখা মৰিয়নিৰ ৮ জন শ্ৰমিকসহ অন্য ৭৫ জন শ্ৰমিকক শুকুৰবাৰে উদ্ধাৰ কৰে আৰক্ষীয়ে (Assam workers rescued in Arunachal Pradesh) ৷ উল্লেখ্য যে নামতিৰ জৈনক সাগৰ তাঁ‌তী নামৰ ঠিকাদাৰজনে ম'ন চাহু নামৰ স্থানীয় যুবক এজনৰ সহায়ত চৰাইদেউ জিলাৰ সোণৰিত কাম দিয়াৰ প্ৰলোভন দি ৭ দিনৰ বাবে শ্ৰমিক কেইজনক লৈ গৈছিল। সাগৰ তাঁ‌তীয়ে সোণাৰিৰ পৰিবৰ্তে শ্ৰমিক কেইজনক অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ কাটেং বস্তিলৈ লৈ গৈ আৱদ্ধ কৰি ৰাখে।

ইফালে ৭ দিনৰ কামৰ বাবে যোৱা শ্ৰমিক কেইজনৰ ১৫ দিনে কোনো খা-খবৰ নোলোৱাত পৰিয়ালৰ মাজত হাঁ‌হাকাৰ অৱস্থাৰ সৃষ্টি হয় । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি পৰিবেশন হোৱাৰ পাছত তৎপৰ হৈ পৰে অসম আৰক্ষী (Mariani Police rescued Assam 7 labors)।

অৱশেষত অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ সহযোগত মৰিয়নি দেবেৰাপাৰ আৰক্ষীৰ এটা দলে অজয় মাল (২০), চাহিল ৰজক (১৪), সুনীল মাল (২৬), বাবা মাল (২৩), বাবুলাল খাৰিয়া (২৭), অনিল মাল (৩৫),ভোলা গুৱালা (১৭),অজয় মুণ্ডাক (২০) উদ্ধাৰ কৰি মৰিয়নিলৈ লৈ আহে ৷ সম্প্ৰতি যুৱককেইজনক পৰিয়ালৰ লোকক গতাই দিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে একাংশ সহজ সৰল লোকক লোভ দেখুৱাই একাংশ দালালৰূপী ঠিকাদাৰে নিজ ৰাজ্যত কৰ্মসংস্থাপন দিম বুলি বহি:ৰাজ্যলৈ লৈ যোৱা ঘটনা এয়াই প্ৰথম নহয় । এনেদৰে একাংশ লোকে শ্ৰমিকসকলক অধিক কামৰ বোজা জাপি দিয়াৰ লগতে উক্ত শ্ৰমিক সকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন আৰম্ভ কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.