ETV Bharat / state

Srimanta Sankardev Sangha: দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত যজ্ঞোৰাম বৰা সম্বন্বয় ক্ষেত্ৰ

author img

By

Published : Feb 4, 2023, 3:46 PM IST

উদুলি-মুদুলি পৰিৱেশ যোৰহাটৰ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত । তিনিদিনীয়া কাৰ্যসূচীৰে যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশন (Session of Jorhat Srimanta Sankardev Sangha)। আজি এই উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ।

Session of Jorhat Srimanta Sankardev Sangha
শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ অধিৱেশন

শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ অধিৱেশন

যোৰহাট, ৪ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন । এই উপলক্ষে যোৰহাটৰ শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে ঐতিহাসিক শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে (68th Sankardev sangha annual conference in Jorhat)।

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু গুৰুজনাৰ ভক্তি বন্দনাৰে জীপাল হৈ পৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী । আজি দ্বিতীয়দিনা বাৰেৰহণীয়া কাৰ্যসূচী আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত হয় ঐতিহাসিক দেউৰী পথাৰ যজ্ঞোৰাম বৰা সম্বন্ধয় ক্ষেত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলে অধিৱেশনস্থলীত সমৱেত হৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । ভক্তিৰসৰ অমিয়াবানীৰে মুখৰিত শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰ । ভাৰতৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ এক অ-ৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশনখন উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আতিথ্যত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ।

আজি অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ নৱ-নিৰ্বাচিত সভাপতি খগেন ফুকনে (Srimanta Sankaradev Sangha) । পুৱা ৯.৩০ বজাত ভাগৱতসহ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পিছতেই ১০.৩০ বজাত সাহিত্য শাখাৰ অধিবেশন আৰু দিনৰ ১.৩০ বজাত সংস্কৃতি শাখাৰ অধিবেশন অনুষ্ঠিত হয় । ইপিনে, সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু তিনিখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব ।

আনহাতে, ৫ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পুৱা ৮ বজাত নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহৰ সভা অনুষ্ঠিত হ'ব । পুৱা ১১ বজাত খগেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিতব্য় মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তদুপৰি মুকলি সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

ইপিনে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব । বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব মন্ত্ৰী ক্ৰমে পীযূষ হাজৰীকা ,অশোক সিংহল , শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹মৃদুল হাজৰিকা, সাংসদ গৌৰৱ গগৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব । এই মুকলি সভাতেই উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাক "বাগীশ ৰত্ন" উপাধি প্ৰদান কৰিব ।

লগতে পঢ়ক:Child marriage in Assam: এগৰাকী গৰ্ভৱতী পত্নীয়ে মুখ্যমন্ত্ৰীলৈ কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.