ETV Bharat / state

Teok Srimanta Sankardev Sangha: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

author img

By

Published : Oct 23, 2022, 9:45 PM IST

574th birth anniversary of Sankardev concludes at Teok
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ (574th birth anniversary of Sankardev) আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ (Golden Jubilee celebration) কাৰ্যসূচী দেওবাৰে সামৰণি পৰে ৷

টীয়ক, 23 অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ (574th birth anniversary of Sankardev) আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ (Golden Jubilee celebration) কাৰ্যসূচী দেওবাৰে সামৰণি পৰে ৷ তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ অন্তিম দিনা দিনা পুৱা সেৱা বাহিনীৰ দ্বাৰা যুৱ সন্মিলন অনুষ্ঠিত হয় ৷ লগতে নাম-প্ৰসংগৰো আয়োজন কৰা হয় (574th birth anniversary of Sankardev concludes) ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

ইয়াৰ পিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ অন্তিম দিন উপলক্ষে এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ মেলেং আঞ্চলিকৰ সভাপতি বীৰেন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখন যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে উদ্বোধন কৰে । এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখাৰ সম্পাদক ড৹ মানস প্ৰতিম বৰা উপস্থিত থাকে ৷

লগতে বিশিষ্ট অতিথি হিচাবে যোৰহাট জিলা শাখাৰ সম্পাদক মুকুল বৰুৱা তথা নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা (MP Kamakhya Prasad Tasa) , যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (MP Topon Kumar Gogoi) , মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi ) , দুৰ্লভ চেতিয়া, জুৰি বৰা, নৱ দাস, ৰিজুমনি বৰা, বিজয় দাসকে ধৰি বিভিন্ন পঞ্চায়তৰ বিষয়ববীয়াসকলো এই মুকলি সভাখনত উপস্থিত থাকে ৷

ইয়াৰোপৰি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন সময়ত আয়োজন কৰা প্ৰতিযোগিতাসমূহৰো পুৰস্কাৰ উক্ত মুকলি সভাতে প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, মেলেং আঞ্চলিক শাখাৰ সভাপতি বীৰেন চন্দ্ৰ বৰা আৰু সম্পাদক তৰুণ বৰাৰ আশাশুধীয়া প্ৰচেষ্টা তথা আঞ্চলিক শাখাৰ অন্তৰ্গত সকলো ভক্ত প্ৰাণ ৰাইজৰ অকুন্ঠ সহাঁৰিৰে এই সোণালী জয়ন্তী কাৰ্যসূচী সফল সামৰণি পৰে ।

লগতে পঢ়ক: Pradyut Bordoloi appreciates Rupak Sarmah: একেখন মঞ্চত প্ৰদ্যুৎ বৰদলৈ-ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.