ETV Bharat / state

Accident in 37 No National Highway : মৃত্যুদূতলৈ পৰিণত যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, 4 টাকৈ গৰু নিহত

author img

By

Published : Jul 13, 2023, 8:57 PM IST

যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ৷ বৃহস্পতিবাৰে পুৱতি নিশা পশ্চিম যোৰহাটৰ কটকী পুখুৰী বাইপাছত চাৰিটাকৈ পশুধনে প্ৰাণ হেৰুৱায় ৷

4 cows death in 37 No National Highway
4 টাকৈ গৰু নিহত

4 টাকৈ গৰু নিহত

যোৰহাট, ১৩ জুলাই : কি মানুহ, কি জীৱ-জন্তু , সকলোৰে বাবে এতিয়া মৃত্যুদূতলৈ পৰিণত হৈছে যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰণ কৰাক লৈ বিধ্বস্ত হৈ পৰাৰ বাবে এতিয়া প্ৰায় নিতৌ এই ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত হৈছে দুৰ্ঘটনা।

কিছুদিন পূৰ্বে পশ্চিম যোৰহাটৰ কটকী পুখুৰী বাইপাছত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত বৃহস্পতিবাৰে পুৱতি নিশা পশ্চিম যোৰহাটৰ কটকী পুখুৰী বাইপাছত চাৰিটাকৈ পশুধনে প্ৰাণ হেৰুৱায় ৷ পুৱতি নিশা অচিনাক্ত বাহনৰ খুন্দাত চাৰিটাকৈ পশুধনৰ মৃত্যু হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশেষকৈ পুৱতি নিশা পৰ্যন্ত এইদৰে ঘৰচীয়া গৰু ৰাষ্ট্রীয় ঘাইপথৰ মাজত শুই থকা ঘটনাক সহজভাৱে ল’ব পৰা নাই যোৰহাটৰ সচেতন ৰাইজে । সভ্য সমাজৰ একাংশ লোকৰ বাবে যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক পোহনীয়া পশুধনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই সকল লোকে গৰু পোহে মাত্ৰ গাখীৰৰ কাৰণে, তাৰ পিচত এই গৰুসমূহ ৰাষ্ট্ৰীয় ঘাইপথ তথা নগৰৰ মাজলৈ এৰি দিয়াৰ ফলত পোহনীয়া গৰু সমূহৰ আশ্ৰয়স্থান হৈ পৰে এই সমূহ স্পৰ্শকাতৰ ঠাই ৷ ফলত প্ৰত্যেক দিনাই তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে এই সমূহ অবুজ প্ৰাণীয়ে।

কেৱল মাত্ৰ অজন্তা বাইপাছতেই নহয়, বৰভেটি আৰু চাৰিঙীয়াৰ ওচৰত আৰু কেইবাটাও গৰুৱে দ্ৰুতবেগী গাড়ীৰ খুন্দাত শেহতীয়াকৈ কৰুণভাৱে মৃত্যুক আকোঁৱালি ল'ব লগা হৈছিল । গৰুৰ গৰাকীৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে এনেদৰে তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যু হোৱা গৰুসমূহ উক্ত স্থানৰ পৰা স্থানান্তৰ নকৰাৰ ফলত উৎকট গোন্ধৰ মাজেৰে পথচাৰীয়ে যাতায়ত কৰিব গৈ চৰম দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ইয়াৰে অনুৰূপ পৰিৱেশ দেখা পোৱা যায় যোৰহাট নগৰৰ মাজমজিয়াৰ তৰাজান, ভোগদৈ দলং অঞ্চলতো। পুৱাৰ পৰা দুপৰ নিশালৈ পথৰ মাজত আশ্ৰয় লৈ থকা গৰুৰ বাবে নগৰৰ মাজমজিয়াতো বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ইফালে পথছোৱাৰ দুৰ্গতিৰ বাবে বহু লোক মৃত্যুমুখৰ পৰা কথমপি বাচি আহিছে ৷

লগতে পঢ়ক: Goalpara Sal Trees Issue : সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালগছ কটা কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.