ETV Bharat / state

Dacoit Arrested in Jorhat : ধন লুট কৰি যোৰহাট আৰক্ষীৰ জালত ৩ যুৱক

author img

By

Published : Mar 23, 2023, 7:58 PM IST

Jorhat robbery
Jorhat robbery

যোৰহাট ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় ডকাইটি কাণ্ড (robbery on Jorhat National Highway) । অস্ত্ৰ দেখুৱাই যুৱকৰ পৰা লুটি নগদ ধন । আৰক্ষীৰ জালত তিনি ডকাইতৰূপী যুৱক ।

ধন লুট কৰি যোৰহাট আৰক্ষীৰ জালত ৩ যুৱক

যোৰহাট, ২৩ মাৰ্চ : বুধবাৰে নিশা যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ডকাইতিৰ ঘটনা (robbery on Jorhat National Highway) । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই থকা সূৰ্য পেট্ৰ'ল পাম্পৰ সমীপত সংঘটিত হয় এই লোহমৰ্ষক ঘটনাটো । দেৱাশিস বৰুৱা নামৰ যুৱকজনে মটৰচাইকেলেৰে আহি সূৰ্য পেট্ৰ'ল পাম্পত প্ৰয়োজনীয় পেট্ৰ'ল ভৰাবলৈ লোৱাৰ সময়তে এজন যুৱকৰ স্কুটীত উঠি অহা তিনিজন যুৱকে বলপূৰ্বকভাৱে যুৱকজনৰ পৰা কাঢ়ি নিয়ে ধন (robbery case in Jorhat) ।

উক্ত যুৱক তিনিজনে ভাবুকি দি গাড়ী কিনিবলৈ থোৱা নগদ ধনখিনি লুটি নিয়ে । জানিব পৰা মতে, যুৱকজনৰ পৰা তিনি ডকাইতৰূপী যুৱকে অস্ত্ৰ দেখুৱাই ২৩ হাজাৰ টকা লুট কৰি নিয়ে । এই ঘটনা সন্দৰ্ভত নিশাতেই যুৱকজনে যোৰহাট সদৰ থানাত এক এজাহাৰ দাখিল কৰে (3 arrested in Jorhat in robbery case) । অৱশ্যে যুৱকজনৰ এজাহাৰ ভিত্তিত আৰু আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে সদৰ আৰক্ষীয়ে ডকাইত তিনিটাক আটক কৰিবলৈ সক্ষম হয় । যোৰহাট আৰক্ষীয়ে আটক কৰা ডকাইতৰূপী যুৱককেইজন হৈছে ক্ৰমে মাছৰহাট সবাইবন্ধাৰ মঞ্জিত দাস (24 ), দিগম্বৰ চুকৰ দ্বীপমণি দত্ত (27) আৰু দিগম্বৰ চুকৰে মুন দাস (18) ।

উল্লেখ কৰা প্ৰয়োজন যে যোৰহাট জিলাত বিগত কেইটামান দিন ধৰি ধাৰাবাহিকভাৱে চুৰি-ডকাইতি আৰু অপহৰণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে । ফলত যোৰহাটবাসী ৰাইজে চৰম নিৰাপত্তাহীনতাত দিন পাৰ কৰিবলগীয়া হৈছে । এনেধৰণ ঘটনাই যোৰহাট আৰক্ষীক ত্ৰাহি মধুসূদন সুঁৱৰিবলৈ বাধ্য কৰিছে । আন এক অভিযোগ অনুসৰি, যোৰহাট জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি দিনক দিনে ক্ৰমান্বয়ে অৱনমিত হৈ আহিছে । কিন্তু অৱনমিত ঘটা এই আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে যোৰহাট আৰক্ষী ।

আনহাতে, জিলাখনত চোৰ-ডকাইতৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলনো অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে । ফলত যোৰহাট জিলাত এনেধৰণৰ অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Nagaon Police Officers Inhuman Act : নগাঁৱৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে নিৰীহক অত্যাচাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.