ETV Bharat / state

Chutia Students Union : চুতীয়া জনগোষ্ঠীসহ ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:00 PM IST

১০ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰ বীৰাংগনা সাধনী ক্ষেত্ৰত উদযাপন কৰা হৈছে চুতীয়া জাতি ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে শীঘ্ৰেই চুতীয়া জনগোষ্ঠী তথা ছয় জনগোষ্ঠীক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে ৷

All Assam Chutia Students Union
চুতীয়া জাতি ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী

যোৰহাট, 11 ছেপ্টেম্বৰ : ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰক, অন্যথা লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব; সদৌ অসম চুতীয়া ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পৰা এই হুংকাৰ সদৌ অসম চুতীয়া জাতি ছাত্র সন্থাৰ নেতৃত্বৰ ৷

সদৌ অসম চুতীয়া জাতি ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ১০ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰ বীৰাংগনা সাধনী ক্ষেত্ৰত উদযাপন কৰা হৈছে ৷ প্ৰতিষ্ঠা দিৱস উদযাপনক লৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে বীৰাংগনা সাধনী ক্ষেত্ৰত ৷

সোমবাৰে কাৰ্যসূচীৰ দ্বিতীয় তথা অন্তিম দিনা অধিবেশনত অংশগ্ৰহণ কৰি চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে শীঘ্ৰেই চুতীয়া জনগোষ্ঠী তথা ছয় জনগোষ্ঠীক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ কয় যে, বিগত বছৰ বছৰ ধৰি চুতীয়া, মটক,মৰাণ, টাই আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি আহিছিল চৰকাৰে ৷ কিন্তু এই ঘোষণা আৰু প্ৰতিশ্ৰুতি চৰকাৰ তথা প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবে নিৰ্বাচনী ইচ্ছ্যু হৈ পৰিল ৷

নেতাজনে কয় যে, চুতীয়া জাতিৰ প্ৰাপ্য অধিকাৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ব্যৱস্থা শীঘ্ৰেই প্ৰদান কৰিব লাগিব ৷ ইয়াৰ লগতে চুতীয়া জাতিৰ আৱেগ পুৰণি কীৰ্তিচিহ্নসমূহ শীঘ্ৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব ৷ তেওঁ সামাজিক ,অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিষ্ঠা দিৱসস্থলীৰ পৰাই সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰে ৷ আজি নিশালৈ অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত কণ্ঠ শিল্পী বিপিন চাউদাঙে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Chutia Students Union: যোৰহাটত চুতীয়া ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.