হোজাইত বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে প্ৰাথমিক বিদ্যালয়

author img

By

Published : Jun 29, 2022, 2:26 PM IST

Wild elephant hits primary school in Hojai
হোজাইত বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে প্ৰাথমিক বিদ্যালয় ()

বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে হোজাইত ৷ নিশা ভাগত খাদ্যৰ সন্ধানত ওলাই অহা বন্যবস্তীৰ এটা জাকে প্ৰাথমিক বিদ্যালয়ত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি বিদ্যালয়খন ভাঙি চুৰমাৰ কৰে (Wild elephant hits primary school in Hojai৷

হোজাই, 29 জুন: হোজাই জিলাৰ বনগাঁৱত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে ৷ জিলাখনত বানৰ সংহাৰৰ মাজতেই ভূতৰ ওপৰত দানহ পৰাদি বন্যহস্তীৰ তাণ্ডৱে আতংকিত কৰিছে লোকসকলক ৷ খাদ্যৰ সন্ধানত ওলাই অহাবন্যবস্তীৰ এটা জাকে প্ৰাথমিক বিদ্যালয়ত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি বিদ্যালয়খন ভাঙি লণ্ডভণ্ড কৰে (Wild elephant hits primary school in Hojai) ৷

লামডিং বনাঞ্চলৰ সমীপৱৰ্তী গোঁসাই গাঁও বনগাঁৱৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান গোঁসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খনত মঙলবাৰে নিশা বন্যহস্তীয়ে আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ এটা জাকে বিদ্যালয়খনত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি দুয়োটা ভৱনৰ কোঠাৰ লোহাৰ খিৰিকী আৰু পকী ৱাল ভাঙি পেলায় ৷

হোজাইত বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে বৰ্তমানলৈ এই বিদ্যালয়খনত তিনিবাৰকৈ বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰি আহিছে ৷ ইয়াৰোপৰি বন্যহস্তীৰ জাকটোৱে বিগত সময়ছোৱাত নিয়মিতভাৱে কেবাঘৰো স্থানীয় গঞা ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতি পথাৰৰ শস্য খাই তহিলং কৰিছে ৷

মন কৰিবলগীয়া যে বিগত দুয়োটা গুণোৎসৱতে এ প্লাছ লাভ কৰা প্ৰাথমিক বিদ্যালয়খন আগন্তুক গুণোৎসৱৰ বাবে সজাই পৰাই তোলা হৈছিল ৷ ইয়াৰ পিছতে বিদ্যালয়খনৰ অৱস্থা দেখি শিক্ষক আৰু স্থানীয় লোকে গভীৰ আক্ষেপ প্ৰকাশ কৰে ৷

বিদ্যালয়খনৰ সুৰক্ষাৰ কাৰণে চৰকাৰক কাতৰ অনুৰোধ জনালে প্ৰধান শিক্ষক নিকুমনি পাঠকে ৷ বন্যহস্তীৰ ক’ৰিডৰত অৱস্থিত বিদ্যালয়খন ৰক্ষা কৰাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বিদ্যালয়খনৰ অস্তিত্ব বিপদাপন্ন বুলি স্থানীয় লোকে মত পোষণ কৰে ৷

আনহাতে পশ্চিম কাৰ্বি আংলং জিলাত নেৰানেপেৰা বৰষুণ আৰু বানপানী হোৱাৰ বাবে বৰ্তমান সময়ত লামডিং বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰা বন্যহাতীৰ জাকটোৰ উপদ্ৰৱ পাশ্বৱৰ্তী অঞ্চলত বৃদ্ধি পোৱাত জনজীৱনলৈ চৰম ভাবুকি নামি আহিছে ৷

লগতে পঢ়ক: ৰঙিয়াত বানাক্ৰান্তৰ কাষত আছুৰ সভাপতি দীপাংক নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.