ETV Bharat / state

হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকাৰ ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

author img

By

Published : Sep 12, 2022, 10:51 PM IST

Two trucks loaded urea fertilizers seized in Hojai
হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকা ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

দেওবাৰে নিশা ডবকা টোলগেটৰ পৰা জব্দ কৰা হয় ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক আৰু এখন বিলাসী বাহন (Two trucks loaded urea fertilizers seized in Hojai) ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 3 অভিযুক্ত ৷ হোজাই আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত সাৰখিনিৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা ৷

হোজাই, 12 ছেপ্টেম্বৰ : অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী (Assam Police operation against crime and criminals) ৷ কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাও ৷ আনকি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বহু অপৰাধীক ৷ কিন্তু ইমানৰ পাচতো গাত কথা লগা নাই একাংশ দুৰ্নীতি পৰায়ন ব্যক্তিৰ ৷

ইফালে ৰাজ্যত অব্যাহত আছে চোৰাঙকৈ সৰবৰাহ কৰা সাৰৰ এখন ৰমৰমীয়া ব্যৱসায় ৷ দেওবাৰে নিশা ডবকা টোলগেটৰ পৰা চোৰাং বজাৰত বিক্ৰী কৰিবলৈ নিয়া ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ কৰে হোজাই জিলা আৰক্ষীয়ে (Two trucks loaded urea fertilizers seized in Hojai) ৷ লগতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰে তিনিজন লোকক ৷

হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকা ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

আটকাধীন কেইজন হৈছে হোজাইৰ ফকৰুল ইছলাম, মোৰাঝাৰৰ ৰাজিব উদ্দিন আৰু লংকাৰ আলীৰ তাজ উদ্দিন ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে হোজাই জিলা উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ৷ উল্লেখ্য যে, হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশ মৰ্মে উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে অভিযান চলাই জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰা সাৰখিনি ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত সাৰখিনিৰ আনুমানিক মূল্য পাঁচ লক্ষাধিক টকা ৷ আনহাতে, সাৰ ভৰ্তি দুখন ট্ৰাকৰ লগতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত জব্দ কৰিবলৈ সক্ষম হয় এখন বিলাসী বাহনো ৷ বিলাসী বাহন আৰু জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্ৰমে AS01ET2660, AS31C 0837 আৰু AS 02 CC8722 ৷

লগতে পঢ়ক : বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.