ETV Bharat / state

উত্তপ্ত পৰিস্থিতি: ডবকা টোলগেট ঘেৰাও গাড়ী চালকৰ

author img

By

Published : Apr 20, 2021, 1:20 PM IST

মঙলবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডবকা টোলগেটত ৷ ট্ৰেভেলাৰ চালকক ‘বাংলাদেশী’ আখ্যা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷

ট্ৰেভেলাৰ চালকে ঘেৰাও কৰিলে ডবকা টোলগেট
ট্ৰেভেলাৰ চালকে ঘেৰাও কৰিলে ডবকা টোলগেট

হোজাই, 20 এপ্ৰিল : মঙলবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডবকা টোলগেটত ৷ ট্ৰেভেলাৰ চালকক বাংলাদেশী আখ্যা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷

প্ৰাপ্ত তথ্য অনুসৰি এই বিষয়ত শ শ গাড়ী চালকে ডবকাৰ টোলগেট ঘেৰাও কৰি টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ ট্ৰেভেলাৰ চালকে সদৰি কৰা মতে টোলগেটৰ কৰ্মচাৰীয়ে চালক জন দুৰ্ব্যৱহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷

ট্ৰেভেলাৰ ডবকা টোলগেটৰ ৪ নম্বৰ ফাষ্টট্ৰেকৰ বিপৰীতে ৫ নম্বৰ ফাষ্টট্ৰেক লগাবলৈ বাধ্য কৰোৱাক লৈ চালকৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ট্ৰেভেলাৰ চালকে ৫ নম্বৰ ফাষ্টট্ৰেক গাড়ী লগাবলৈ অমান্তি হোৱাত টোলগেট কৰ্তৃপক্ষই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰেভেলাৰ চালক সকলে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় ডবকা আৰক্ষী ৷ ইতিমধ্যে ডবকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহতা: বাতিল হ’ল শিলঘাট অশোকাষ্টমী মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.