ETV Bharat / state

মাতৃয়ে চৌকাত জ্বলোৱা জুয়েই কাল হ’ল দহ মহীয়া সন্তানৰ

author img

By

Published : Dec 20, 2021, 10:11 PM IST

ten-month-old-baby-burned-alive-in-hojai
জীৱন্তে অগ্নিদগ্ধ হৈ পৃথিৱীক বিদায় জনালে এটি দহ মহীয়া কন্যা শিশুৱে

হোজাই জিলাত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী ১০ মহীয়া কন্যা সন্তানৰ কৰুণ মৃত্যু(Baby burnt alive in Hojai) । কঠমপি ৰক্ষা পৰিল সন্তানটিৰ দুগৰাকীকৈ সহোদৰৰ ৷

হোজাই, 20 ডিচেম্বৰ : এক কৰুণ ঘটনাৰ সাক্ষী হ’ল হোজাই জিলাৰ কাকী বনাঞ্চলৰ বৰমাংচু পানীগাঁও অঞ্চল ৷ এই অঞ্চলৰ হাচেন উদ্দিন নামৰ লোকজনৰ এটি দহমহীয়া শিশুৱে সোমবাৰে এটা অগ্নিকাণ্ডত হেৰুৱালে প্ৰাণ( Ten month old baby burnt alive in Hojai) ৷ জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে হাচেন উদ্দিনৰ শিশুটিয়ে ৷

অগ্নিকাণ্ডৰ ঘটনাত লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত(Devastating fire in Hojai) হোৱাৰ লগতে লোকজনৰ আন দুটা সন্তানৰ কথমপি প্ৰাণৰক্ষা পৰা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সময়ত লোকজনৰ চাৰিটা সন্তানৰ তিনিটা সন্তান ঘৰত থকাৰ বিপৰীতে এগৰাকী কন্যা সন্তান আত্মীয়ৰ ঘৰত আছিল ।

ইফালে, সন্তান কেইটাৰ পিতৃ হাচেন উদ্দিন কৰ্মসূত্ৰে কেৰালাত থকাৰ বিপৰীতে মাতৃগৰাকী আছিল ঘৰতে ৷ জানিব পৰা মতে, তেওঁ ঘৰৰ চৌকাত জুই লগাই কাষৰীয়া এঘৰ লোকৰ ঘৰলৈ খাদ্যবস্তু আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় হৃদয়বিদাৰক ঘটনাটো ।

ঘটনাৰ সম্ভেদ পাই ওচৰ-চুবুৰীয়া লোকে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰাৰ লগতে কণমানি কন্যাগৰাকীক বচাবলৈ বহু চেষ্টা কৰে যদিও জুইৰ পৰা বচাবলৈ সক্ষম নহ’ল কণমানি কন্যাগৰাকীক । স্বাভাৱিকতেই এই ঘটনাত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক : ob lynching of Abhi-Neel: আন দুই আৰক্ষী বিষয়াৰ সাক্ষ্যদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.