ETV Bharat / state

লংকাত স্বয়ম্ভূ খাদ্য পৰিদৰ্শকক আটক

author img

By

Published : Nov 25, 2021, 8:46 PM IST

self-styled-food-inspector-arrested-in-lanka
লংকাত স্বয়ম্ভূ খাদ্য পৰিদৰ্শকক আটক

লংকাত খাদ্য পৰিদৰ্শকৰ পৰিচয় দি টকা সংগ্ৰহ কৰা স্বয়ম্ভূ খাদ্য পৰিদৰ্শকক আটক(self styled food inspector arrest) ৷ স্বয়ম্ভূ পৰিদৰ্শক ৰূপী যুৱকজনে গুৱাহাটীৰ বশিষ্টৰ "আই ভেট" কোম্পানীৰ এজেন্ট হিচাপে পৰিচয় দি দীৰ্ঘদিন ধৰি ৰাইজৰ পৰা সংগ্ৰহ কৰি আহিছিল টকা ৷

হোজাই , 25 নৱেম্বৰ : লংকাত ব্যৱসায়ী আৰু স্থানীয় ৰাইজে হাতে-লোটে ধৰি আৰক্ষীক গতালে এজন স্বয়ম্ভূ খাদ্য পৰিদৰ্শকক(Detention of self contained food inspectors) । খাদ্য পৰিদৰ্শকৰ পৰিচয়েৰে বিগত কেইবাদিন ধৰি দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত টকা সংগ্ৰহ কৰি আহিছিল স্বয়ম্ভূ খাদ্য পৰিদৰ্শকগৰাকীয়ে । নিজকে খাদ্যৰ পৰিদৰ্শক বুলি চিনাকি দি বিগত এসপ্তাহ ধৰি লংকাৰ বিভিন্ন দোকানত খাদ্য বিভাগৰ অনুজ্ঞাপত্ৰৰ নবীকৰণ আৰু নতুনকৈ বনাই দিয়াৰ নামত ভূৱা পৰিদৰ্শকগৰাকীয়ে সংগ্ৰহ কৰি আহিছিল 1 হাজাৰকৈ টকা ৷

ঘটনাৰ বিৱৰণী অনুসৰি লংকাৰ দৈনিক বজাৰত থকা মেৰ্চাচ কৃষ্ণগোপাল বনিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত স্বয়ম্ভূ খাদ্য পৰিদৰ্শকজন উপস্থিত হোৱাৰ পাছত সন্দেহবশতঃ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী উত্তম বনিকে খাদ্য পৰিদৰ্শকৰ কাৰ্যালয়ত ফোন কৰে ৷ তেতিয়াই ওৰহি গছৰ ওৰ ওলাই পৰে আৰু উক্ত স্থানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ইয়াৰ পাছতেই লংকা আৰক্ষীক খবৰ দি স্বয়ম্ভূ খাদ্য পৰিদৰ্শকগৰাকীক ৰাইজে হাতে-লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে পৰিদৰ্শকৰূপী যুৱকজনক(self styled food inspector arrest in lanka) ।

ইপিনে, লংকাৰ দুই নং কাকীৰ স্বয়ম্ভূ পৰিদৰ্শক ৰূপী যুৱকজনে গুৱাহাটীৰ বশিষ্টৰ "আই ভেট" নামৰ কোম্পানীটোৰ এজন এজেন্ট বুলি সকলোকে পৰিচয় দি আহিছিল । উক্ত কোম্পানীটোৱে তেওঁক নিয়োগ কৰিছে আৰু খাদ্যৰ অনুজ্ঞাপত্ৰ বনোৱাৰ নামত 999 টকাকৈ সংগ্ৰহ কৰি আহিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত লংকাৰ ৩০০ৰো অধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.