ETV Bharat / state

হোজাইত ছেটেলাইটৰ জৰিয়তে বান সমস্যাৰ স্থায়ী সমাধানৰ পৰিকল্পনা

author img

By

Published : May 29, 2022, 8:57 PM IST

plan for permanent solution to flood problem through satellite in hojai
হোজাই জিলাত ছেটেলাইটৰ জৰিয়তে বান সমস্যাৰ স্থায়ী সমাধানৰ পৰিকল্পনা: ৰামকৃষ্ণ ঘোষ

বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ভিতৰতে অধিক ক্ষতিগ্ৰস্ত হৈছে হোজাই । হোজাই জিলাৰ দুটা ৰাজহ চক্ৰৰ মুঠ 91 খন গাঁও পৰিছিল বানৰ কৱলত । শনিবাৰে জিলা খনৰ বানত ক্ষতিগ্রস্ত অঞ্চল সমূহৰ পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হয় কেন্দ্ৰীয় পৰ্যবেক্ষকৰ এটা দল(Central Observer Team at Hojai) ।

হোজাই,২৯ মে': বছৰটোৰ প্ৰথমটো বানত ৰাজ্যৰ লগতে হোজাই জিলাৰ দুটা ৰাজহ চক্ৰৰ মুঠ 91 খন গাঁৱত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল(Flood in Hojai) । লগতে 4687 হেক্টৰ কৃষিভূমি, 45 টা পথ আৰু 89 টা বান্ধৰ লগতে 1 লাখ 79 হাজাৰ লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় । ইয়াকে লৈ শনিবাৰে জিলা খনত বানে ক্ষতিগ্রস্ত কৰা অঞ্চল সমূহৰ পৰিস্থিতি বুজ ল’বলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আহি উপস্থিত হয় হোজাইত (Central Observer Team at Hojai) ।

প্ৰথমে জিলা সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তিনিজনীয়া পৰ্যবেক্ষকৰ দলটোৱে বিভিন্ন বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলীৰ বানৰ পৰা জিলা খনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান জনায় । এই আলোচনাৰ সন্দৰ্ভত বিধায়ক গৰাকীক সোধাত সাংবাদিকৰ আগত কয় যে, হোজাই জিলাখনত বানপানী হোৱা কাৰণ হ’ল কপিলী নৈ । কপিলীৰ বাঢ়নী পানীয়ে নৈ পৰীয়া অঞ্চলসমূহ কৰে প্লাবিত (Kapili river flood in Hojai)।

হোজাই জিলাত ছেটেলাইটৰ জৰিয়তে বান সমস্যাৰ স্থায়ী সমাধানৰ পৰিকল্পনা: ৰামকৃষ্ণ ঘোষ

এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ছেটেলাইটৰ জৰিয়তে নিৰীক্ষণ কৰি স্থায়ী সমাধানৰ পৰিকল্পনা কৰা হৈছে । সেয়েহে এই বিষয়ে তেওঁ পৰ্যবেক্ষকৰ দলটোক অৱগত কৰিছিল বুলি প্ৰকাশ কৰে । লগতে উক্ত বিষয়টোৰ সন্দৰ্ভত মন্ত্রী পীযুষ হাজৰিকাকো অৱগত কৰিছে বুলি বিধায়কগৰাকীয়ে । লগতে ঘোষে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত উক্ত বিষয়ৰ ওপৰত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হোজাইত বানৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় পর্যবেক্ষকৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.