ETV Bharat / state

হোজাইৰ লক্ষাধিক বানাক্ৰান্তক প্ৰশাসনৰ সহায়

author img

By

Published : Jun 20, 2022, 4:43 PM IST

বানত ৰাজ্য়ৰ আন জিলাৰ লগতে হোজাইত 104খন গাওঁ প্লাবিত হৈছে (Devastating situation in Hojai) । আশ্ৰয় শিবিৰত আছে 39,405 গৰাকী বন্য়াৰ্ত। জিলাখনত স্থাপন কৰা হৈছে 14 টা সাহাৰ্য শিৱিৰ । 2,785 হেক্টৰ খেতি পথাৰৰ অনিষ্টসাধন ।

hojai
হোজাইত লক্ষাধিক জনতাই ককবকাইছে বানত

হোজাই,২০ জুন: ৰাজ্য়ত বান বিভীষিকাৰ বাবে হাহাকাৰ লাগিছে লাখ লাখ জনতাৰ । ভয়াৱহ বানত ককবকাইছে বন্য়াৰ্তই । ৰাজ্য়ৰ আন জিলাৰ লগতে বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে হোজাই জিলাও । জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত দেওবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই । মহকুমা তথ্য আৰু জনসংযোগ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ হোজাই, লংকা আৰু ডবকা - এই তিনিওটা ৰাজহ চক্ৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে ।

hojai
হোজাইত লক্ষাধিক জনতাই ককবকাইছে বানত

এই ভয়াৱহ বানত জিলাখনৰ মুঠ 104 খন গাওঁ প্লাবিত হোৱা বুলি জনসংযোগ বিষয়াগৰাকীয়ে অৱগত কৰিছে (Devastating situation in Hojai) । বিষয়াগৰাকীয়ে দাঙি ধৰা চৰকাৰী তথ্য় অনুসৰি বানাক্ৰান্ত লোকৰ সংখ্যা 1,08,746 গৰাকী । জিলাখনত বানাক্ৰান্ত ৰাইজৰ বাবে মুঠ 47 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । উক্ত আশ্ৰয় শিবিৰসমূহত মুঠ 39,405 গৰাকী বন্য়াৰ্তই আশ্ৰয় লৈ আছে বুলিও বিষয়াগৰাকীয়ে জনাইছে । আনহাতে,আবদ্ধ হৈ থকা 2,145 গৰাকী বানাক্ৰান্তক বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে । অৱশ্য়ে এজন লোক এই পৰ্যন্ত সন্ধানহীন হৈ আছে ।

বিষয়াগৰাকীৰ তথ্য়ই আঙুলিয়াই দিছে যে এই ভয়াৱহ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ কৃষকসকল । তথ্য় অনুসৰি বানত মুঠ 2,785 হেক্টৰ খেতি পথাৰৰ অনিষ্ট সাধন হৈছে । তদুপৰি মুঠ 71,962 টা জীৱ-জন্তু বানৰ কবলত পৰিছে । অৱশ্যে বানাক্ৰান্ত পশুধন সমূহক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে ।

hojai
হোজাইত লক্ষাধিক জনতাই ককবকাইছে বানত

উল্লেখ্য় যে চৰকাৰী তথ্য় মতে, জিলাখনত ইতিমধ্য়ে মুঠ 14 টা সাহাৰ্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে (Setting up of flood relief distribution centres )। এতিয়ালৈ 1,500 খন টিৰপাল আৰু খাদ্য সামগ্ৰী বানাক্ৰান্ত ৰাইজক যোগান ধৰাও হৈছে‌ । লগতে চিকিৎসাৰ বাবে নিয়োগ কৰা হৈছে পৰ্যাপ্ত চিকিৎসকৰ দল । বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে SDRF, NDRF, ARMY আৰু দেশীয় নাওসহ মুঠ 54 খন নাও ব্য়ৱহাৰ কৰা হৈছে (SDRF NDRF Army engaged for rescue and relief) । তদুপৰি এই সাহায্য় অভিযানত 500 কুইন্টল চাউল, 57.1 কুইন্টল দাইল, 16.75কুইন্টল নিমখ, 1,216 লিটাৰ মিঠাতেল, 1696 লিটাৰ আমূলতাজা, 606.5 কুইন্টল ৰাইচব্ৰেন, 100.8কুইন্টল চিৰা , 804.50 কিলোগ্ৰাম গুৰ, 7920 লিটাৰ খোৱাপানী, 1224 পেকেট বিস্কুট, 730পেকেট মমবাতি, চেনিটেৰী নেপকিন 730পেকেট, ফেনাইল 125 বটল আৰু ব্লিচিং 302.5 কিলোগ্ৰাম ৰাইজৰ মাজত বিতৰণ কৰা বুলিও জনসংযোগ বিষয়াগৰাকীয়ে জনাইছে ।

লগতে পঢ়ক:Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.