ETV Bharat / state

কাকীত জানমণিৰ পাচত নিখোঁজ গোলাপী : ঘটনাৰ আঁৰত জড়িত আছে নেকি কোনো চক্ৰ ?

author img

By

Published : Aug 8, 2021, 5:04 PM IST

হোজাই জিলাৰ কাকীৰ দুটা সন্তানৰ মাতৃ জানমণি বৰা নিখোঁজ হোৱাৰ বাতৰি হয়তো আপুনি পাহৰা নাই ৷ এই ঘটনাৰ মাত্ৰ 15-20 দিনৰ পাচতে একেটা অঞ্চলৰ পৰা নিখোঁজ হৈছে গোলাপী নামৰ আন এগৰাকী বিবাহিতা মহিলা ৷

missing-woman-case-in-kaki-assam
ক’ত হেৰাল কাকীৰ গোলাপী বৰা

হোজাই, 8 আগষ্ট : মাত্ৰ কিছুদিনৰ পূৰ্বে হোজাই জিলাৰ কাকীৰ জানমণি বৰা নামৰ এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ হৈছিল ৷ এই ঘটনাৰ স্বাঞ্চল্য মাৰ নৌযাওঁতেই হোজাইৰ কাকী অঞ্চলৰ পৰাই নিখোঁজ হৈছে আন এগৰাকী বিবাহিত মহিলা ৷ ৩ নং কাকী পদুমপুখুৰীৰ গোলাপী বৰা নামৰ মহিলাগৰাকী বুধবাৰে ঘৰৰ পৰা বেংকলৈ যাম বুলি যি ওলাই গ’ল আজিলৈকে ঘূৰি অহা নাই ৷

গোলাপীৰ স্বামী মন্টু বৰাই ইঘৰ সিঘৰ কৈ ইষ্ট-কুটুম্বৰ ঘৰত বিচাৰ খোচাৰ কৰিছে যদিও পত্নীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে লোকজন ৷ কোনো দুষ্ট চক্ৰৰ প্ৰলোভনত পৰি এইদৰে গোলাপী ক’ৰবালৈ গুচি যোৱা বুলিও সন্দেহ কৰিছে স্বামী মন্টুৱে ৷ ইতিমধ্যে, এই সন্দৰ্ভত তেওঁ কাকীৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে ৷

ক’ত হেৰাল কাকীৰ গোলাপী বৰা

মাত্ৰ কিছুদিনৰ ব্যৱধানত দুগৰাকীকৈ বিবাহিত মহিলা একেটা অঞ্চলৰ পৰা নিখোজ হোৱাৰ এই ঘটনাই অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে ৷

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে দুটাকৈ সন্তানৰ মাতৃ কাকী বঢ়মপুৰৰ জানমণি বৰা নামৰ মহিলা এগৰাকী এইদৰে নিখোঁজ হৈছিল ৷ ফেছবুক(Facebook)তে এজন আৰক্ষীৰ জোৱানৰ সৈতে কিছুদিন ধৰি বন্ধুত্ব কৰি নিখোজ হোৱা মহিলা গৰাকীও বৰ্তমানলৈকে সন্ধান পোৱা হোৱা নাই ৷ এতিয়া, প্ৰশ্ন হয় কোনো দুষ্ট চক্ৰই লক্ষ্য কৰি লৈছে নেকি অঞ্চলটোৰ সহজ সৰল বিৱাহিত মহিলা সকলক ৷ ইয়াকেলৈ সম্প্ৰতি বিভিন্ন জল্পনা-কল্পনা চলিছে অঞ্চলবাসীৰ মাজত ৷

লগতে পঢ়ক : Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.