ETV Bharat / state

হোজাইত 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

author img

By

Published : Feb 21, 2021, 1:02 PM IST

Updated : Feb 21, 2021, 1:57 PM IST

minor-girl-raped-and-murdered-in-hojai
হোজাইত জঘন্য ঘটনাঃ 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

হোজাইৰ বৰহোলা গাঁৱত 8 বছৰীয়া কন্যাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে পুৱা বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে এটি আঠ বছৰীয়া কন্যাৰ মৃতদেহ ৷

হোজাই,21 ফেব্ৰুৱাৰী : হোজাইত সংঘটিত হৈছে এক জঘন্য ঘটনা । হোজাইৰ বৰহোলা গাঁৱত 8 বছৰীয়া কন্যাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে পুৱা বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে এটি আঠ বছৰীয়া কন্যাৰ মৃতদেহ ৷

মৃত শিশুটিৰ মোমায়েকৰ নিশা হৈছিল বিবাহৰ অনুষ্ঠান । বিবাহৰ অনুষ্ঠানৰ মাজতে শিশুটিক পথাৰত নি দুৰ্বৃত্তই ধৰ্ষণ কৰি অতি নৃশংসভাবে হত্যা কৰি পেলাই থৈ যায় । পৰৱৰ্তী সময়ত দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি হোজাই আৰক্ষীক অৱগত কৰে । সেইমতে আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত চলাই ঘটনাটো সংঘটিত কৰা জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

হোজাইত 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

আৰক্ষীৰ জেৰাত অভিযুক্ত জয়প্ৰকাশে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৷ এই ঘটনাই এতিয়া হোজাইত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: পুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

Last Updated :Feb 21, 2021, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.