ETV Bharat / state

মন্ত্ৰী কেশৱ মহন্তক স্মাৰক পত্ৰ প্ৰদান হোজাই জিলা আমছুৰ

author img

By

Published : Jun 29, 2022, 7:15 PM IST

Flood in Hojai
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক স্মাৰক পত্ৰ প্ৰদান হোজাই জিলা আমছুৰ

পূৰ্বৰ তুলনাত কিছু সুস্থিৰ হৈছে হোজাইৰ বান পৰিস্থিতি (Flood in Hojai) ৷ কিন্তু বৰ্তমানো জিলাখনৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ আছে যোগাযোগ ব্যৱস্থা ৷ যাৰ বাবে বন্যাৰ্তক সহায় তথা উচিত ক্ষতিপূৰণৰ দাবীত হোজাই জিলাৰ আমছুৱে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক দাখিল কৰে 9 দফীয়া এখনি স্মাৰক পত্ৰ ৷

হোজাই, 29 জুন : ক্ৰমাৎ উন্নত হৈছে হোজাই জিলাৰ বান পৰিস্থিতি (Flood in Hojai)৷ পূৰ্বৰ তুলনাত হোজাইৰ জিলাৰ বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও বন্যাৰ্তৰ অৱস্থা এতিয়াও তথৈবচ ৷ এই বানত বহু লোকে ঘৰ-বাৰী হেৰুৱাৰ লগতে বহু অঞ্চলত এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক স্মাৰক পত্ৰ প্ৰদান হোজাই জিলা আমছুৰ

যাৰ বাবে বুধবাৰে হোজাই জিলাৰ আমছুৰ সদস্যসকলে হোজাইত সাক্ষাৎ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক ৷ কেৱল সাক্ষাৎ কৰাই নহয় হোজাই জিলাৰ আমছু সদস্যসকলে হোজাইৰ বান বিধ্বস্ত অঞ্চলসমূহৰ ছিঙা মথাউৰিৰ লগতে বাট-পথৰ পুনৰ মেৰামতি, বানত ক্ষয়-ক্ষতি হোৱা বানাক্ৰান্তৰ ঘৰ-দুৱাৰৰ উচিত ক্ষতিপূৰণ দিয়া আৰু এই বানত নিহত হোৱা লোকসকলৰ পৰিয়ালক 10 লাখকৈ ক্ষতিপূৰণৰ দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

কেৱল মানুহে নহয় বানত মৃত্যু হোৱা পশুধনৰো উচিত ক্ষতিপূৰণৰ দিয়াৰ দাবী কৰে আমছুৰ নেতা কৰ্মীয়ে (Devastating situation in Hojai)৷ আনহাতে, বুধবাৰে আমছুৰ সদস্যসকলে উল্লেখিত স্মাৰক পত্ৰখনিৰ জৰিয়তে লামডিং বনাঞ্চলৰ উচ্ছেদিত ৰোগীয়া লোকসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰে ৷

উল্লেখ যে, হোজাইৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে নিশাৰে পৰা জিলাখনত বহাৰ পাতি আছিল মন্ত্ৰী কেশৱ মহন্ত ৷ বুধবাৰে জিলাখন যমুনামুখ সমষ্টিৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই সময়চোৱাতে আমছুৰ নেতা কৰ্মীয়ে এই 9 দফীয়া দাৱী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে মন্ত্ৰী কেসৱ মহন্তক ৷

লগতে পঢ়ক : হোজাইৰ লক্ষাধিক বানাক্ৰান্তক প্ৰশাসনৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.