ETV Bharat / state

Flood in Hojai: হোজাইত বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Jun 30, 2022, 8:15 PM IST

Minister Keshab Mahanta visited flood affected area of Hojai
হোজাইত বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

কপিলী নৈত জাহ যোৱা ঠাইচুবালী গাঁৱৰ লোকসকলক তৎকালীনভাৱে অন্য ঠাইত দিয়া হ’ব পুনৰ সংস্থাপন বুলি বৃহস্পতিবাৰে হোজাই জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited flood affected area of Hojai) ।

হোজাই, 30 জুন: "লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানীত কপিলী নৈত জাহ যোৱা ঠাইচুবালী গাঁৱৰ লোকসকলক তৎকালীনভাৱে অন্য ঠাইত দিয়া হ’ব পুনৰ সংস্থাপন" বৃহস্পতিবাৰে হোজাই জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited flood affected area of Hojai) । হোজাই জিলাখনত বিগত দিনত হৈ যোৱা দ্বিতীয়টো বানত সম্পূৰ্ণৰূপে জাহ গৈছিল (Flood in Hojai) লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত বিহাৰী সম্পদায়ৰ লোকে বসবাস কৰা ঠাইচুবালী গাঁওখন ৷

ফলত এইপৰ্যন্ত বন্যাৰ্তই মথাউৰিত শিবিৰ স্থাপন কৰি আশ্ৰয় লৈ আছে ৷ বৃহস্পতিবাৰে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা গাঁওখনৰ লগতে কপিলী নৈখন পৰ্য্যবক্ষণ কৰি অতি সোনকালে মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে ৷

হোজাইত বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

তাৰোপৰি যেতিয়ালৈকে কপিলী নৈপৰীয়া ঠাইচুবালী লোকসকলে অস্থায়ীভাৱে মাথাউৰিত থাকিব তেতিয়ালৈকে তেওঁলোকক খাদ্যৰ লগতে আন আন প্ৰয়োজনীয় বস্তুও যোগান দি থকা হ’ব বুলি জানিব দিয়ে মন্ত্ৰী কেশৱ মহন্তই । উল্লেখ্য যে, মঙলবাৰৰ পৰা মন্ত্ৰী কেশৱ মহন্তই কপিলী নৈপৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ লগত মত বিনিময় কৰি ক্ষয়ক্ষতিৰ সম্পৰ্কে আলোচনা কৰে ৷

মঙলবাৰে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত যমুনামূখৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰা লগতে বুধবাৰে হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত কপিলী নৈ পৰীয়া কেন্দুগুৰী, নভঙা আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Flood in Hojai: হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ স্বাস্থমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.