ETV Bharat / state

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত হোজাইবাসী : আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুৰ্দশা

author img

By

Published : May 16, 2022, 10:29 PM IST

many-people-homeless-due-to-kapili-river-flood-in-hojai
কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত হোজাইবাসী : আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুৰ্দশা

হোজাইত দ্ৰুত গতিত বৃদ্ধি পাই আছে কপিলী নৈৰ বাঢ়নী পানী । বানৰ ফলত সৰ্বস্বান্ত শ শ পৰিয়ালৰ বাসগৃহ (Many people homeless due to Kapili river flood)৷ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ ৷

হোজাই, 15 মে' : বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল (Flood in Assam)। আনফালে নেৰানেপেৰা বৰষুণৰ ফলত হোজাইত দ্ৰুত গতিত বৃদ্ধি পাইছে কপিলী নৈৰ বাঢ়নী পানী । যাৰ ফলত মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈছে শ শ পৰিয়াল (Kapili river flood in Hojai) ৷ জাহ গৈছে কৃষিভূমি (Agriculture Land Erosion at Hojai) । কিন্তু এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় লোকৰ ৷

বৰ্তমানলৈকে SDRF বাহিনীৰ লোকে ৭০ টা পৰিয়ালক উদ্ধাৰ কৰিছে । সম্প্ৰতি, উদ্ধাৰ কৰা লোকসকলক ৰখা হৈছে কাষৰীয়া চৰকাৰী বিদ্যালয়সমূহত (Many people homeless due to Kapili river flood)। কিন্তু শিবিৰত থকা এই লোকসকল সম্প্ৰতি খাদ্য সংকটত ভোগা পৰিলক্ষিত হৈছে ৷

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত হোজাইবাসী : আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুৰ্দশা

হোজাইৰ শিঙিৰাবস্তি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা অস্থায়ী লোকসকলে প্ৰশাসনৰ ফালৰ পৰা খাদ্যতো বাদেই বিশুদ্ধ খোৱা পানীৰ অভাৱত ভোগা বুলি অভিযোগ উত্থাপন কৰে । ইফালে সংবাদমাধ্যমৰ আগত বানপানীত নিজৰ পশুধন, সা-সম্পত্তি সকলো পানীত উটি যোৱাৰ লগতে কোনোমতে প্ৰাণ ৰক্ষা কৰি এই শিবিৰত আশ্ৰয় লৈ থকা বুলি প্ৰকাশ কৰে । সম্প্ৰতি চৰকাৰ তথা প্ৰশাসনক ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বানত সৰ্বস্বান্ত হোৱা ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : বৰপেটা জিলাৰ মইনবড়িৰ গৰাখহনীয়াৰ কালৰূপ: নৈৰ বুকুত বিলীন কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.