ETV Bharat / state

বিজেপিক ব্যৰ্থতা স্বীকাৰ কৰাৰ আহ্বান যুৱ কংগ্ৰেছৰ

author img

By

Published : Sep 16, 2020, 7:06 PM IST

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'লে বিজেপিক গাদী এৰাৰ আহ্বান জনালে যুৱ কংগ্ৰেছে ৷ হোজাই জিলাৰ লামডিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ অভিযোগ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ৷ যুৱ কংগ্ৰেছৰ দাবী, শীঘ্ৰে নিবনুৱাক সংস্থাপন দিয়ক অন্যথা ব্য়ৰ্থতা স্বীকাৰ কৰক ৷

বিজেপিক ব্যৰ্থতা স্বীকাৰ কৰাৰ আহ্বান যুৱ কংগ্ৰেছৰ
বিজেপিক ব্যৰ্থতা স্বীকাৰ কৰাৰ আহ্বান যুৱ কংগ্ৰেছৰ

হোজাই, 16 চেপ্তেম্বৰ: ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি দলটোক গাদী এৰাৰ আহ্বান জনালে হোজাই জিলাৰ লামডিং সমষ্টিৰ যুৱ কংগ্ৰেছে ৷ বুধবাৰে লামডিঙত এখন সংবাদমেল সম্বোধন কৰি কৰ্ম সংস্থাপনৰ নামত ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ তুলি যুৱ কংগ্ৰেছৰ কৰ্মী সকলে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

যুৱ কংগ্ৰেছৰ বি জে পি ক কঠোৰ ভাষাৰে সমালোচনা

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমজুৰি কংগ্ৰেছ কৰ্মীসকলে ৰোজগাৰ দৌ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে লামডিং সমষ্টিৰ যুৱ কংগ্ৰেছ কৰ্মী সকলেও ৰোজগাৰ দৌ কাৰ্যসূচী পালন কৰে ৷ প্ৰায় ২৫ লাখ নিবনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি দি গাদীত বহা দ'লটোৰ সকলো প্ৰতিশ্ৰুতি কাৰ্যত ফুটুকাৰ ফেনত পৰিণত হ'ল বুলিও কংগ্ৰেছ কৰ্মী সকলে বিজেপিক কটাক্ষ কৰে ৷

বিজেপিক ব্যৰ্থতা স্বীকাৰ কৰাৰ আহ্বান যুৱ কংগ্ৰেছৰ
প্ৰতিশ্ৰুতি অনুসৰি অতি সোনকালেই নিবনুৱাক সংস্থাপন দিবৰ বাবে দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত বিফল হ'লে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি দলটোক গাদী এৰাৰ বাবে আহ্বান জনাই হোজাই জিলা যুৱ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ আহমেদে ৷লগতে পঢ়ক: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.