ETV Bharat / state

মছজিদৰ চুৰি সামগ্রীসহ হোজাইত এজন আটক

author img

By

Published : Aug 24, 2021, 5:56 PM IST

কপিলীপাৰ গাঁৱৰ আহমদীয়া জামিয়া মছজিদৰ পৰা চুৰি হোৱা সামগ্ৰীসহ লংকা আৰক্ষীয়ে আটক কৰিছে আব্দুল কায়ুম নামৰ এজন লোকক । পূৰ্বে কেইবাটাও চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগ আছে কায়ুমৰ বিৰুদ্ধে ।

hojai thief
মছজিদৰ চুৰি সামগ্রীসহ হোজাইত এজন আটক

হোজাই,২৪ আগষ্ট : কৰ'ণা (Corona) পৰিস্থিতিৰ বাবে ৰাজ্যৰ ধৰ্মীয় প্ৰতিষ্ঠানসমূহ জনশূন্য হৈ পৰিছে । চৰকাৰী নিৰ্দেশনাৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ বাতিল কৰা হৈছে । একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে মন্দিৰ,মছজিদ,গীৰ্জাকে ধৰি আন আন ধৰ্মীয় অনুষ্ঠানবোৰ ।

কিন্তু এই সময়ত সুযোগ লৈছে একাংশ চোৰ প্ৰবৃত্তিৰ লোকে । কৰ'ণাৰ দৰে জটিল পৰিস্থিতিৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । বিভিন্ন লোকৰ ঘৰত চোৰে লুটপাত চলোৱাৰ সমান্তৰালকৈ ধৰ্মীয় অনুষ্ঠানসমূহো বাছি যোৱা নাই । বিভিন্ন সময়ত মন্দিৰ,মছজিদ আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ পৰা বহু সম্পত্তি চোৰে চুৰি কৰি লৈ যায় ।

মছজিদৰ চুৰি সামগ্রীসহ হোজাইত এজন আটক

হোজাই জিলাতো এইবাৰ মছজিদত চকু পৰিছে চোৰৰ । হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত কপিলীপাৰ গাঁৱৰ আহমদীয়া জামিয়া মছজিদত দেওবাৰে নিশা চুৰি কাৰ্য সংঘটিত হৈছিল । চোৰে নিশা মছজিদৰ পানীৰ পাম্প, চিমেণ্ট তিনি বেগ আৰু মছজিদত ৰং দিবলৈ অনা দহ লিটাৰৰ দুটা ৰঙৰ টিন চুৰি কৰি লৈ গৈছিল । ঘটনাৰ পাছতে পুৱা মছজিদৰ ইমামে মছজিদ সমিতিক এই বিষয়ে অৱগত কৰে ।

মছজিদ সমিতিয়ে সন্দেহ ক্ৰমে পুৰণি চুৰি কাৰ্যৰ লগত জড়িত থকা একে গাঁৱৰে আব্দুল কায়ুম নামৰ এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । লংকা আৰক্ষীয়ে এই সন্দৰ্ভত তালাচী চলাই চুৰি হোৱা পানী পাম্পসহ আব্দুল কায়ুমক আটক কৰি সোমবাৰে নিশা লংকা থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে । চোৰটো ইয়াৰ পূৰ্বে কেইবাটাও চুৰি কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মছজিদ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.