ETV Bharat / state

হোজাই জিলাত বৰদিন উদযাপন

author img

By

Published : Dec 25, 2020, 8:46 PM IST

ক'ভিড পৰিস্থিতিৰ মাজতো সমগ্ৰ ৰাজ্য়খনৰ লগতে হোজাই জিলাত বৰদিনৰ আনন্দ উল্লাহ দেখিবলৈ পোৱা গ'ল । সমূহীয়াকৈ খ্ৰীষ্টমাচৰ বিশেষ কেক্ কাটিলে উপস্থিত লোকসকলে ।

হোজাই জিলাটো বৰদিন উদযাপন
হোজাই জিলাটো বৰদিন উদযাপন

হোজাই, ২৫ ডিচেম্বৰ : বিশ্ব তথা দেশৰ আন আন প্ৰান্তৰ দৰে হোজাই জিলাটো পবিত্ৰ বৰদিনৰ আয়োজন কৰে খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে । জিলাখনৰ গীৰ্জাঘৰ সমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা দেখা গ'ল পবিত্ৰ বৰদিন । এই পৱিত্ৰ বৰদিনৰ লগত সংগতি ৰাখি আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হ'ল গীৰ্জাঘৰ, খ্ৰীষ্টমাচ ট্ৰী আদি । লগতে সমূহীয়াকৈ খ্ৰীষ্টমাচৰ বিশেষ কেক্ কাটিলে উপস্থিত লোকসকলে ।

হোজাই জিলাটো বৰদিন উদযাপন
হোজাই জিলাটো বৰদিন উদযাপন

যীচুখ্ৰীষ্টৰ এই জন্মদিনটোত তেওঁৰ ওচৰত আশীৰ্বাদ বিছাৰি গীৰ্জাঘৰলৈ আহিল বিভিন্ন ধৰ্মৰ লোকসকল । হোজাই জিলাৰ বিভিন্ন অঞ্চলত বৰদিনৰ লগত সংগতি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । মুঠতে ক'ভিড পৰিস্থিতিৰ মাজতো সমগ্ৰ ৰাজ্য়খনৰ লগতে হোজাইটো বৰদিনৰ আনন্দ উল্লাহ দেখিবলৈ পোৱা গ'ল ।

লগতে পঢ়ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জন্মদিনত কোকৰাঝাৰত কৃষক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.