ETV Bharat / state

হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ

author img

By

Published : May 9, 2021, 7:26 PM IST

হোজাই জিলাৰ ডবকাৰ বিভিন্ন প্ৰান্তত দেওবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ফলত ক্ষতিসাধন হয় । ডবকা চহৰৰ লগতে নীলবাগান, মোৰাঝাৰ, জয়নগৰ, চৌধুৰীবজাৰ আদি অঞ্চলতো ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলায় ৷

thunderstorm-in-hojai
হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ

হোজাই,9 মে’: হোজাই জিলাৰ ডবকাৰ বিভিন্ন প্ৰান্তত দেওবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ফলত ক্ষতিসাধন হয় । ডবকা চহৰৰ লগতে নীলবাগান, মোৰাঝাৰ, জয়নগৰ, চৌধুৰীবজাৰ আদি অঞ্চলতো ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলায় ৷ ডবকাৰ নীলবাগানত ধুমুহাই বহুকেইটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ জয়নগৰ আৰু তাৰকাটা অঞ্চলত বাগৰি পৰে প্ৰকাণ্ড গছ ৷ আনহাতে বিদ্যুতৰ খুটা বাগৰি পৰাত কথমপি প্ৰাণৰক্ষা পৰে একাংশ লোকৰ ৷

thunderstorm-in-hojai
হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ

একেদৰে হোজাইৰ ৰাইকাটা, কছাৰিগাঁও ,চন্দনপুৰ, কোমোৰাকাটা, ঠেপেলাগুৰি,বিষ্ণুপুৰ, আমতলা, নভঙা আদি অঞ্চলতো ক্ষতি সাধন কৰে ধুমুহাই ৷ অঞ্চলসমূহত বহুতো ঘৰ বাৰী, গছ গছনিৰ, লগতে ব্ৰয়লাৰ মুৰ্গীৰ ফাৰ্ম ,আনকি বিভিন্ন ঠাইত গছ বাগৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে । যাৰ ফলত বিস্তৰ এলেকাত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে ৷

লগতে পঢ়ক: বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.