ETV Bharat / state

Gunotsav 2022: পাঁচখন জিলাত পলমকৈ অনুষ্ঠিত হ’ল গুণোৎসৱ

author img

By

Published : Aug 3, 2022, 7:45 PM IST

Gunotsav 2022
পাঁচখন জিলাত পলমকৈ অনুষ্ঠিত হ’ল গুণোৎসৱ

‘গুণোৎসৱ-২০২২' (Gunotsav 2022 in Assam) তিনিটা পৰ্যায়ত সফলতাৰে অনুষ্ঠিত হৈ যায় যদিও, বানৰ বাবে অসমৰ ৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱা নাছিল । এই ৫ খন জিলা ক্রমে হাইলাকান্দি, হোজাই, দক্ষিণ শালমাৰা মানকাচৰ, কাছাৰ আৰু ডিমা হাচাওত চতুর্থ পৰ্যায়ত ৩ আগষ্টৰ পৰা ৬ আগষ্ট অনুষ্ঠিত হৈছে গুণোৎসৱ ।

হোজাই, 3 আগষ্ট : হোজাই জিলাৰ সৰ্বমুঠ ৯৫১ খন বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav 2022 in Hojai)। আজিৰে ৬ আগষ্টলৈ জিলাখনৰ ৭৫৬ খন বুনিয়াদি বিদ্যালয়, ১২৩ উচ্চ বুনিয়াদি বিদ্যালয় খন আৰু ৭২খন উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে । ৰাজ্যখনৰ আন জিলাৰ সমান্তৰালকৈ যোৱা ২৩ মে'ৰ পৰা ২৬ মে' লৈ হোজাই জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ দ্বিতীয়টো বানত (Flood in Hojai) হোজাই জিলাখনত অধিক সংখ্যক বিদ্যালয় বানৰ কবলত পৰাত হোজাই জিলাত গুণোৎসৱ স্থগিত ৰখা হৈছিল ।

Gunotsav 2022
পাঁচখন জিলাত পলমকৈ অনুষ্ঠিত হ’ল গুণোৎসৱ

বৰ্তমান বানৰ পৰিস্থিতিৰ শাম কটাৰ বাবে হোজাইৰ শিক্ষা বিভাগে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আজিৰ পৰা জিলাখনৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ (Third phase of Gunotsav 2022)। উল্লেখ্য যে, ৰাজ্যৰ বিদ্যালয় সমূহৰ শিক্ষাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰি উন্নতি সাধন কৰিবৰ বাবে ৰাজ্যৰ চৰকাৰৰ শিক্ষা বিভাগে এই গুণোৎসৱ অনুষ্ঠিত কৰে ।

পাঁচখন জিলাত পলমকৈ অনুষ্ঠিত হ’ল গুণোৎসৱ

হোজাই জিলাৰ বিদ্যালয় সমূহৰ লগতে লংকাৰ মাজমজিয়াত থকা লংকা প্ৰাথমিক বিদ্যালয়টো আজিৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে গুণোৎসৱ ।

উল্লেখ্য যে, ‘গুণোৎসৱ-২০২২' তিনিটা পৰ্যায়ত সফলতাৰে অনুষ্ঠিত হৈ যায় যদিও, বানৰ বাবে অসমৰ ৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱা নাছিল । এই ৫ খন জিলা ক্রমে হাইলাকান্দি, হোজাই, দক্ষিণ শালমাৰা মানকাচৰ, কাছাৰ আৰু ডিমা হাচাওত চতুর্থ পৰ্যায়ত ৩ আগষ্টৰ পৰা ৬ আগষ্ট অনুষ্ঠিত হৈছে গুণোৎসৱ ।

সমান্তৰালকৈ আংশিকভাৱে ৰৈ যোৱা বৰপেটা জিলাৰ ৫৭ খন, মৰিগাঁৱৰ ৯৩ খন, কামৰূপৰ ৮ খন আৰু লখিমপুৰ জিলাৰ ৫ খন বিদ্যালয়ত ৩ আগষ্ট তাৰিখে গুণোৎসৱৰ স্ব-মূল্যায়ন আৰু ৬ আগষ্টত বহিঃমূল্যায়ন অনুষ্ঠিত কৰাৰ বাবে গুণোৎসৱ-২০২২ আজিৰে পৰা আৰম্ভ হৈছে ।

লগতে পঢ়ক: Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.