ETV Bharat / state

বান শুকালেও নুশুকাই চকুলো: আপোন ঘৰখনলৈ উভতিব পৰা নাই বন্যাৰ্ত

author img

By

Published : Jun 25, 2022, 6:07 PM IST

hojai flood victims take shelter at yogijan railway station
বান শুকালেও নুশুকাই চকুলো: আপোন ঘৰখনলৈ উভতিব পৰা নাই বন্যাৰ্ত

বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam-2022) । কিছু পৰিমাণে বানৰ প্ৰকোপ কমিছে যদিও এতিয়াও আপোন ঘৰখনলৈ উভতিব পৰা নাই বহু বন্যাৰ্ত । ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোগীজান ৰেল ষ্টেচনতে আৱদ্ধ বহু বন্যাৰ্ত । এতিয়াও উভতিব পৰা নাই নিজৰ ঘৰখনলৈ ।

হোজাই,২৫ জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও কমা নাই বানৰ বিভিষিকা(Flood in Assam-2022) । কিছু পৰিমাণে পানী কমিছে যদিও স্বগৃহলৈ উভতিব পৰা নাই বন্যাৰ্ত । একেই পৰিৱেশ দেখা গৈছে হোজাইত । হোজাইৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও জলমগ্ন(Vast area of Hojai still submerged) । বিগত এক মাহৰ ভিতৰত দুবাৰকৈ কপিলী নৈৰ বাঢ়নী পানীয়ে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে জিলাখনত ।

বান শুকালেও নুশুকাই চকুলো: আপোন ঘৰখনলৈ উভতিব পৰা নাই বন্যাৰ্ত

বৰ্তমান কপিলী নৈৰ জলপৃষ্ঠ কমিছে যদিও নৈখনৰ কাষৰীয়া বহু অঞ্চলকে ধৰি দ চৰ-চাপৰি অঞ্চল বৰ্তমানেও জলমগ্ন হৈ আছে । জলমগ্ন যোগীজান অঞ্চলৰ প্ৰায় ৬ ৰ পৰা ৭ খন গাঁৱৰ ৰাইজে আশ্ৰয় লৈ আছে হোজাইৰ যোগীজান ৰে'ল ষ্টেচনত । বৰ্তমানেও কপিলীপৰীয়া দ, চাপৰি অঞ্চলত এবুকু পানী থকাত আপোন ঘৰখনলৈ উভতিবলৈ সাহস কৰিব পৰা নাই উক্ত অঞ্চলৰ বানাক্ৰান্ত ৰাইজে (Flood victims have not been able to return homes) ।

সেয়েহে যোগীজান ৰেল ষ্টেচনতেই ৬-৭ খন গাঁৱৰ ৰাইজ বৰ্তমানো আবদ্ধ হৈ আছে । হোজাই জিলা প্ৰশাসনেও পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰিছে বুলি মন্তব্য প্ৰকাশ কৰে যোগীজান ৰে'ল ষ্টেচনতেই শিবিৰ পাতি থকা বানাক্ৰান্ত ৰাইজে ।

লগতে পঢ়ক: চাকৰি নিয়মীয়া নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত এগৰাকী শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.