ETV Bharat / state

Assam flood: ক্ৰমাৎ উন্নত হৈছে হোজাইৰ বান পৰিস্থিতি

author img

By

Published : May 20, 2022, 9:58 PM IST

Flood situation in Hojai gradually improves
বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোজাইত

উন্নত হৈছে হোজাইৰ বান পৰিস্থিতি (Flood situation in Hojai gradually improves) ৷ প্ৰায় তিনি ফুট পৰ্যন্ত হ্ৰাস পাইছে বাঢ়নী পানীৰ স্তৰ ৷ তথাপিও জিলাখনৰ বহু অঞ্চল এতিয়াও আছে পানীৰ তলত ৷

হোজাই, 20 মে’: ক্ৰমাৎ উন্নত হৈছে হোজাইৰ বান পৰিস্থিতি (Flood situation in Hojai gradually improves) ৷ বিগত কেবাদিনো ধৰি নদীৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ অন্তৰ্গত হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ জিলাখনৰ বহু অঞ্চল এতিয়াও আছে পানীৰ তলত (Flood in Hojai ) ৷

হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে জানিব দিয়া মতে, জিলাখনৰ হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চলৰ পৰা পানী ক্ৰমান্বয়ে কমি আহিছে ৷ এই পৰ্যন্ত সেনাবাহিনীৰ লগতে এছডিআৰএফৰ উদ্ধাৰকাৰী দলৰ সহযোগত অভিযান চলাই প্ৰায় সাত হেজাৰ লোকক জিলাখনৰ নানান অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে কয় ৷

বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোজাইত

লগতে ‘‘কিছুলোক বৰ্তমানো বান পীড়িত অঞ্চলত আছে এইবাবেই যে, তেওঁলোকে নিজৰ ঘৰখন এৰি আহিব বিচৰা নাই । সেইসকল লোকক সেই স্থানতে পানী আৰু খাদ্যৰ যোগান ধৰা হৈছে । প্ৰয়োজন অনুসৰি যিকোনো পৰিস্থিতিৰ বাবে হোজাই জিলা প্ৰশাসন লগতে সেনা আৰু এছডিআৰএফৰ লোক সকল সাজু হৈ আছে’’ বুলি উল্লেখ কৰিলে উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বাঢ়নী পানীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.