ETV Bharat / state

কৃত্ৰিম বানত বুৰিল নীলবাগানৰ বৃহত্তৰ অঞ্চল

author img

By

Published : Sep 28, 2020, 3:24 PM IST

কৃত্ৰিম বান
কৃত্ৰিম বান

হোজাইৰ নীলবাগানৰ বাট-পথ, ঘৰ-দুৱাৰ, চৰকাৰী কাৰ্যালয় সকলো সম্প্ৰতি কৃত্ৰিম বানৰ কবলত ৷ পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নথকাৰ লগতে বেদখলৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

হোজাই, 28 চেপ্তেম্বৰ: হোজাইৰ নীলবাগানত কৃত্ৰিম বানত বুৰিল বৃহত্তৰ অঞ্চল ৷ বাট-পথ, ঘৰ-দুৱাৰ, চৰকাৰী কাৰ্যালয় সকলো সম্প্ৰতি কৃত্ৰিম বানৰ কবলত ৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জলসিঞ্চন বিভাগৰ চাৰিওফালে পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নথকাৰ বাবে জলমগ্ন হৈ পৰিছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ ঘৰৰ ভিতৰতে হোৱা একাঁঠুকৈ পানীয়ে দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণ ৰাইজক ৷

কৃত্ৰিম বানত বুৰিল নীলবাগানৰ বৃহত্তৰ অঞ্চল

আনহাতে বৃহত্তৰ অঞ্চলটোত অব্যাহত থকা বেদখলৰ বাবেও অঞ্চলটো কৃত্ৰিন বানৰ কবলত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কিয়নো বেদখলৰ কবলত পৰি বন্ধ হৈ পৰিছে অঞ্চলটোৰ প্ৰায় সকলো পানী ওলাই যোৱা নলা ৷ স্থানীয় লোকে এই সমস্যা সন্দৰ্ভত হোজাইৰ জিলা উপায়ুক্তক অনুৰোধ জনাইছিল যদিও বৰ্তমানেও কোনো ধৰণৰ সুফল পোৱা নাই তেওঁলোকে ৷

লগতে পঢ়ক: কলঙৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে মৰিগাঁওবাসীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.