ETV Bharat / state

হোজাইত জব্দ বৃহৎ পৰিমাণৰ জালনোটসহ হস্ত নিৰ্মিত বন্দুক

author img

By

Published : Nov 30, 2019, 6:10 PM IST

হোজাই
বৃহৎ পৰিমাণৰ জালনোট সহ হস্ত নিৰ্মিত বন্দুক

হোজাইৰ বৰদলংত লংকা আৰক্ষীৰ অভিযান ৷ জব্দ 98000 টকাৰ জালনোটসহ এটা হস্ত নিৰ্মিত বন্দুক ।

হোজাই, 30 নৱেম্বৰ : হোজাইৰ বৰদলঙত লংকা আৰক্ষীৰ অভিযান। লংকা আৰক্ষীয়ে বৰদলঙত এক বিশেষ সূত্ৰৰ জৰিয়তে অভিযান চলাই শনিবাৰে ৷ এই অভিযানত আমিনুল হক আৰু ৰুফাতুল হকৰ ঘৰৰ পৰা জব্দ কৰে 98000 টকা জালনোট সহ এটা হস্ত নিৰ্মিত বন্দুক ৷ আমিনুল হক আৰু ৰুফাতুল হক বৰদলংৰ জফৰ আলীৰ পুত্ৰ বুলি হোজাই আৰক্ষীয়ে মন্তব্য কৰিছে । ঘটনা সন্দৰ্ভত ধৃত লোক দুজনৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । জালনোট বনোৱা মেচিন সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে লংকা আৰক্ষীয়ে ৷

বৃহৎ পৰিমাণৰ জালনোট সহ হস্ত নিৰ্মিত বন্দুক

আৰু পঢ়ক : বাক্সাত কুণ্ডা ভৰ্তি ভান জব্দ

Intro:হোজাই জিলা লংকা বৰদলংত লংকা আৰক্ষীৰ অভিযান।Body:হোজাই জিলা লংকা বৰদলংত লংকা আৰক্ষীৰ অভিযান।

অভিযানত জব্দ ৯৪০০০ টকাৰ জালণোট সহ এটা হস্ত নিৰ্মিত বন্দুক।

আমিণুল হ'ক আৰু ৰিফাতুল হ'ক নামৰ লোক দুজনৰ বাসগৃহৰ পৰা জব্দ উক্ত জাল নোট ও বন্দুক।

উক্ত লোক দুজন বৰদলংৰ জফৰ আলীৰ পুত্ৰ।

বৰ্তমান ধৃত লোক দুজনক লংকা আৰক্ষীৰ জেৰা অব্যাহত।


Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.