ETV Bharat / state

এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে হোজাইত

author img

By

Published : May 11, 2022, 7:22 PM IST

এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে হোজাইত
এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে হোজাইত

এখন জাননী (Eviction notice triggers panic) ৷ এই জাননীয়ে তোলপাৰ লগাইছে একাংশ লোকৰ মাজত ৷ কিন্তু জাননীখনত এনে কি আছে, যাৰ বাবে সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে চাঞ্চল্য ৷ চাওক এই প্ৰতিবেদনত ৷

হোজাই, 11 মে’: বিগত সময়ত দেখা গৈছিল যে, হোজাইৰ একাংশ স্থানত ৰে’ল বিভাগৰ সৈতে মিলি জিলা প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান (Eviction Drive in Hojai) ৷ চলিত বৰ্ষৰে 19 এপ্ৰিলতো হোজাই ৰে’ল ষ্টেচনৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে থকা আৱাসসমূহতো পৰিছিল জেচিবিৰ হাঁতোৰা ৷

এই উচ্ছেদৰ সময়তে আৰক্ষী তথা উচ্ছেদিত লোকসকলৰ মাজত সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ (Eviction drive against railway land encroachers in Hojai) ৷ পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটিছিল যদিও জিলা প্ৰশাসনৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে ৷ অৱশ্যে পাছত প্ৰশাসনৰ তৰফৰ পৰা এই সকলো অভিযোগ নস্যাৎ কৰা হৈছিল ৷

এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে হোজাইত

পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰি স্থগিতাদেশ জাৰি কৰে ৷

সম্প্ৰতি পুনৰ এক জাননীয়ে তোলপাৰ লগাইছে উচ্ছেদিত লোকসকলৰ মাজত ৷ সোমবাৰে নিশাৰ ভাগত ৰে’ল বিভাগৰ পৰা অহা বুলি দাবী কৰা কোনো লোকে পুনৰ 11 আৰু 12 মে’ত একেটা অঞ্চলতে উচ্ছেদ চলোৱাৰ কথা সন্নিৱিষ্ট এখন জাননী বেৰত আঁৰি থৈ যায় ৷

Eviction Drive in Hojai
আকৌ উচ্ছেদৰ প্ৰসংগ হোজাইত

ইয়াৰ পিছতে অঞ্চলটোৰ লোকসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ উচ্ছেদিত লোকসকলে হঠাতে অহা জাননীখনক লৈ সম্প্ৰতি বিমোৰত পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, 11 মে’ অৰ্থাৎ আজি আকৌ হোজাইত উচ্ছেদ কৰাৰ কথা আছিল ৷ কিন্তু আজি কোনো কাৰণত হোজাই জিলা প্ৰশাসন তথা ৰে’ল বিভাগৰ ফালৰ পৰা নহ’ল কোনো ধৰণৰ উচ্ছেদ অভিযান ৷

লগতে পঢ়ক : Eviction Drive in Hojai : হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.