ETV Bharat / city

Illegal occupants at railway land: ৰে’লৱেৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে নাৰেংগীত উচ্ছেদ অভিযান

author img

By

Published : Feb 12, 2022, 10:37 PM IST

নাৰেংগীৰ ৰে’লৱে ভূমি বেদখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান (Eviction drive against railway land encroachers in Narengi) ৷ যাৰ ফলত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিৱেশ ৷

tense-situation-due-to-eviction-drive-at-narengi
নাৰেংগীত ৰে’লৱে ভূমি বেদখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : গুৱাহাটীত ৰে’লৱেৰ ভূমি বেদখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে ৰে’ল বিভাগে । মহানগৰীৰ নাৰেংগী ফৰেষ্টগেট আৰু কলংপাৰত দীৰ্ঘদিন ধৰি ৰে’লৱেৰ ভূমি দখল কৰা অৰ্ধশতাধিক ঘৰ দুৱাৰ, দোকান-পোহৰ শনিবাৰে ৰে’ল বিভাগে উচ্ছেদ কৰে (Eviction drive against railway land encroachers in Narengi) । ইয়াক লৈ উচ্ছেদিত অঞ্চলত সৃষ্টি হৈছে এক হুলুস্থলীয়া পৰিৱেশ ৷ উচ্ছেদিত সকলে ৰাজপথ অৱৰোধ কৰি ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

শনিবাৰে পুৱা 10 মান বজাত প্ৰথমে নৰেংগী ফৰেষ্ট গেটৰ অনুকূল বস্তিত উপস্থিত হোৱা ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে জিআৰপি, আৰপিএফৰ উচ্চপদস্থ বিষয়া আৰু নুনমাটি আৰক্ষীৰ উপস্থিতিত ৰে’লৱেৰ ভূমিত অবৈধ ভাৱে নিৰ্মাণ কৰা ঘৰ-দুবাৰ আৰু দোকান তিনিখন জে চি বি আৰু এক্সভেটৰ সহায়ত এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে ৷

নাৰেংগীত ৰে’লৱে ভূমি বেদখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান

তাৰ পিছত নাৰেংগী কলংপাৰ অঞ্চলটোৰ কেইবাখনো দোকানত উচ্ছেদ অভিযান চলোৱা হয় । ইফালে কোনো আগতীয়া জাননী নিদিয়াকৈ ৰে’লৱেৰ ভূমিত বিগত 25-30 বছৰ ধৰি বসবাস কৰা লোকসকলৰ ওপৰত ৰে’ল বিভাগে আমানৱীয় ভাৱে উচ্ছেদ চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি উচ্ছেদিত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against eviction at Narengi ) ।

লগতে পঢ়ক : নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.