ETV Bharat / state

Death anniversary of Tarun Ram Phukan: জিলা প্ৰশাসনৰ উদ্যোগত হোজাইত উদযাপন দেশভক্তি দিৱস

author img

By

Published : Jul 29, 2022, 1:17 PM IST

desh-bhakti-divas-celebrated-in-hojai
হোজাইত উদযাপন দেশভক্তি দিৱস

হোজাই জিলা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত দেশভক্তি দিৱস উদযাপন কৰা হয় । স্বাধীনতা যুঁজাৰু দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্য পালন কৰা হয় দেশভক্তি দিৱস (Death anniversary of Tarun Ram Phukan) ৷

হোজাই, 29 জুলাই: বৃহস্পতিবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় 83 সংখ্যাক 'দেশভক্তি দিৱস' ৷ স্বাধীনতা যুঁজাৰু দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্য পালন কৰা হয় এই দিৱস (Death anniversary of Tarun Ram Phukan) ৷ উল্লেখ্য যে, ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা এনেদৰে প্ৰতি বছৰে উদযাপন কৰি অহা হৈছে দেশভক্তি দিৱস ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো বৃহস্পতিবাৰে উদযাপন কৰা হয় দেশভক্তি দিৱস ৷ হোজাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উদযাপন কৰা হয় এই দিৱসটি । অনুষ্ঠানটোত উপস্থিত থাকে জিলা উপায়ুক্ত অনুপম চৌধুৰী, খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সাগৰ বৰুৱা, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ফটিক তামুলী, গকুল চন্দ্ৰ ব্ৰহ্ম, অতিৰিক্ত উপায়ুক্ত মানস জ্যোতি নাথ আৰু আমন্ত্ৰিত অতিথিসকল ।

উল্লেখ্য যে, দেশভক্তি দিৱসৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল স্বাধীনতা সংগ্ৰামী ব্যক্তিৰ পৰিয়ালৰ 13 গৰাকীকৈ সদস্যক ৷ এখেতসকলৰ ওপৰিও কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ অতিৰিক্ত সহকাৰী আয়ুক্ত ৰবাৰ্ট টিউলাৰ, উপাসনা দত্ত, নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰপি, লংকা, ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ৰমে অংকিতা বৰা আৰু দিম্পী গগৈ ।

লগতে পঢ়ক: Desh Bhakti Divas: লখিমপুৰত উদযাপন দেশভক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.