ETV Bharat / state

ভৰা কপিলীৰ বুকুৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

author img

By

Published : Sep 6, 2022, 9:52 PM IST

হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া যমুনাচিত অঞ্চলত দলঙৰ অভাৱত ৰাইজৰ বিপদ সংকুল যাত্ৰা ৷ যমুনাচিত অঞ্চলৰ লোকসকলে নিতৌ মৰণত শৰণ দি পাৰাপাৰ হয় কপিলী নদী (Dangerous boat journey in Kapili River)৷

Dangerous boat journey in Kapili River
Dangerous boat journey in Kapili River

হোজাই, 6 ছেপ্টেম্বৰ: নদীপ্ৰধান ৰাজ্য অসমত দলঙৰ কাহিনীৰো সীমা সংখ্যা নাই (Demand for bridge in Assam)৷ মাজুলীলৈ হ’ব হ’ব বুলি কৈ থকা দলংখনৰ পৰা আৰম্ভ কৰি (Bridge to Majuli) কোনোবা অনগ্ৰসৰ নৈপৰীয়া গাঁৱত থকা ভগা বাঁহৰ দলংখনলৈ (Broken bamboo bridge across river)৷ এই দলঙে অসমৰ ইতিহাসত বহু কাহিনী দি গৈছে ৷ ৰাজ্যৰ বহুততে আকৌ দলং নোহোৱাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰাইজে ৷ দলঙৰ বাবে বহুতৰ মৃত্যুও হৈছে (Boat accident in Assam)৷ দলঙৰ অভাৱত পৰা তেনে এটা অঞ্চল হৈছে হোজাই জিলাৰ যমুনাচিত অঞ্চল ৷

ভৰা কপিলীৰ বুকুৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

হোজাই জিলাৰ যমুনাচিত অঞ্চলৰ লোকসকলে নিতৌ মৰণত শৰণ দি পাৰাপাৰ হয় কপিলী নদী (Dangerous boat journey in Kapili River)৷ অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী এনেদৰে নাৱেৰে কপিলী পাৰ হৈ পঢ়িবলৈ যায় কাৰ্বি আংলঙৰ শিলডুবিলৈ ৷ কিন্তু যেতিয়া ফেনে-ফোটোকাৰে কপিলী বাঢ়ি আহে, তেতিয়া ছাত্ৰ-ছাত্ৰী যাব নোৱাৰে বিদ্যালয়লৈ ৷ পৰীক্ষা থাকিলেও আনকি তেওঁলোক অপাৰগ নৈ পাৰ হ’বলৈ (No bridge in Hojai Karbi Anglong border) ৷

বহুবাৰ এনেদৰে নাও লৈ কপিলী নৈ পাৰ হওতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখতো পৰিছে ছাত্ৰ-ছাত্ৰীকে ধৰি দুয়োখন জিলাৰ কেইবাগৰাকীও লোক ৷ হোজাইৰ যমুনাচিত অঞ্চলৰ ৰাইজে বহুবাৰ নিজৰ জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ (Public demand for bridge in Hojai)৷ শাসকীয় বিজেপি দলৰ দখলত থকা হোজাই সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোলৈ যেন চকু নপৰে বিধায়কৰো ৷

উক্ত ঘাটেৰে কপিলী নৈ পাৰ নহ’লে যমুনাচিত নাইবা শিলডুবি অঞ্চলৰ ৰাইজে হোজাই বা কাৰ্বিআংলংলৈ বহু কিলোমিটাৰ পথ ঘুৰি আহিব লগা হয় ৷ সেয়েহে যমুনাচিত অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বিচাৰিছে এখন দলং ৷ আন নহ’লেও ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাকৈ এখন দলং লাগে এইসকল লোকক ৷

লগতে পঢ়ক: বিবাহৰ পাঁচ মাহৰ পিছত পত্নীক কৰিলে কুমাৰীত্ব পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.