ETV Bharat / state

হোজাইত জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী

author img

By

Published : Jul 18, 2021, 7:32 PM IST

ৰাজ্যজুৰি আৰম্ভ হৈছে জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী ৷ দেওবাৰে হোজাইত বিনষ্ট কৰা হয় বৃহৎ পৰিমাণৰ জব্দ কৃত নিচাজাতীয় সামগ্ৰী ৷

cm-himanta-bishwa-sarma-at-seized-drugs-disposal-program-at-hojai
হোজাইত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী

হোজাই, 18 জুলাই : ৰাজ্যজুৰি আৰম্ভ হৈছে বিগত দুমাহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী ৷ দেওবাৰে হোজাই জিলাত জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ খেলপথাৰত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই অনুষ্ঠানত 324.732 গ্ৰাম হেৰ'ইন, 1015 কিল’ 627 গ্ৰাম গাঞ্জা, 35,522 টা নিচাযুক্ত টেবলেট দাহ কৰা হয় ৷ অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰিছে ৷ ড্ৰাগছৰ কু-প্ৰভাৱৰ ফলত বহু যুৱক-যুৱতীৰ ভৱিষ্যতৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি হোৱাৰ লগতে বহু পৰিয়াল ধ্বংস হৈছে ৷

হোজাইত জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰি অহা স্বত্বেও কেতবোৰ দুষ্ট চক্ৰৰ সৈতে মিতিৰালি কৰি এই ব্যৱসায়ীসকলে দুষ্কার্য চলাই আহিছিল ৷

ড্ৰাগছৰ কু-প্ৰভাৱৰ পৰা সমাজখন যাতে মুক্ত কৰিব পৰা যায় তাৰ বাবে অসম আৰক্ষীক আইনৰ পৰিধিৰ ভিতৰত থাকি অতি দৃঢ় আৰু নিৰ্ণায়কভাৱে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ স্বাধীনতা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীয়ে প্ৰদৰ্শন কৰা সাহসিকতা আৰু নিষ্ঠাৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰা অনুসৰি, নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ড্ৰাগছ সম্বন্ধীয় 874 টা গোচৰ ৰুজু কৰা হৈছে ৷

তদুপৰি ৰাজ্যখনত 1,493 জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে 163 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ তেওঁ লগতে উল্লেখ কৰে যে, বিগত দুটা মাহত অসম আৰক্ষীয়ে 19 কিল’গ্ৰাম হেৰ'ইন, 8,276 কিল’গ্ৰাম গাঞ্জা, 14 কিল’গ্ৰাম অপিয়াম, 67,650 টা কফ চিৰাপ, 12,93,000 টা নিচাযুক্ত টেবলেট, 1,920 কিল’গ্ৰাম মৰফিন, 33,014 সংখ্যক পপিষ্ট, 1 কোটি টকা নগদ ধন, 13,630 টকা মূল্যৰ বিদেশী মূদ্ৰা, 6.80 লাখ নকল টকা জব্দ কৰাৰ ওপৰিও 31 বিঘা ভূমিৰ গাঞ্জা খেতি ধ্বংস কৰিবলৈ সক্ষম হৈছে ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু যমুনামুখৰ বিধানক চিৰাজুদ্দিন আজমল ৷

লগতে পঢ়কঃ অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ আছে অপৰাধীৰে সম্পৰ্ক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.