ETV Bharat / state

হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীত মাৰপিট

author img

By

Published : Oct 18, 2020, 6:30 PM IST

দেওবাৰে হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ বাইক শোভাযাত্ৰাত অঘটন ৷ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনক বাইক শোভাযাত্ৰাৰে আনি থকা অৱস্থাত এজন মানসিক বিকাৰগস্ত যুৱকে যুৱ-মৰ্চাৰ কৰ্মীসকলক হাতত চোকা অস্ত্ৰৰে বাট আগচি ধৰে ৷ ইয়াৰ পাচত যুৱ মৰ্চাৰ কৰ্মীয়ে মাৰপিট কৰে যুৱকজনক ৷

Clash on BJP yuva marcha bike rally in Hojai
হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীত মাৰপিট

হোজাই,18 অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ বাইক শোভাযাত্ৰাত অঘটন ৷ সভালৈ অহা ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনক হোজাই জিলা যুৱ মৰ্চাৰ কৰ্মীসকলে জোৰ পুখুৰীৰ পৰা বাইক শোভাযাত্ৰাৰে আনি থকা অৱস্থাত সংঘটিত হয় এক অঘটন ।

শোভাযাত্ৰাটো লংকাৰ শীলবস্তি বাইপাছ পোৱাৰ লগে লগেই এজন মানসিক বিকাৰগস্ত যুৱকে যুৱ-মৰ্চাৰ কৰ্মীসকলক হাতত চোকা অস্ত্ৰৰে বাট আগচি ধৰে ৷ এই ঘটনাৰ পাচত যুৱ মৰ্চাৰ কৰ্মীসকলে মানসিক বিকাৰগস্ত যুৱকজনক মাৰপিট কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ পৰিয়ালৰ সহযোগত যুৱকজনক লংকা প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰলৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত যুৱকজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয় । উক্ত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মন,বিজেপি ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্লৱ বৰুৱা আৰু বিজেপিৰ বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী ৷

হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীত মাৰপিট

লগতে পঢ়ক : ন কৈ সজোৱা হৈছে হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.