ETV Bharat / state

Best School Award to 84 Schools: ৮৪ খন বিদ্যালয়লৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা

author img

By

Published : Mar 25, 2023, 7:57 PM IST

Award ceremony to best school in Hojai
হোজাই ৮৪ খন বিদ্যালয়লৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা

হোজাই মহকুমাত বিভিন্ন প্ৰান্তৰ ৮৪ খন বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয় (Award ceremony to best school in Hojai) ৷ এই বঁটা প্ৰদান অনুষ্ঠানতে বিদ্যালয়সমূহৰ শিক্ষক, সভাপতি সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । হোজাইৰ সৰ্বশিক্ষা মিচন অভিযানে প্ৰদান কৰে এই বঁটাসমূহ ৷

হোজাই ৮৪ খন বিদ্যালয়লৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা

হোজাই,২৫ মাৰ্চ: হোজাইত চৰকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্য়েৰে অনুষ্ঠিত কৰা হয় এক ব্যতিক্ৰমী অনুষ্ঠানৰ । হোজাই মহকুমাৰ বিভিন্ন প্ৰান্তৰ ৮৪ খন বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়(Award ceremony to best school in Hojai) ৷ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন সভাত এই বঁটাসমূহ প্ৰদান কৰে হোজাইৰ সৰ্বশিক্ষা মিচন অভিযানে(Sarva Shiksha Mission) ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাই শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ বৰ্মন, নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ, সৰ্বশিক্ষা মিচন অভিযানৰ হোজাইৰ বিষয়ববীয়াৰ লগতে শিক্ষা বিভাগৰ বিষয়ববীয়াসকল ৷ তেওঁলোকৰ লগতে বঁটাপ্ৰাপ্ত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আৰু মাতৃগোটৰ সদস্যসকলো অনুষ্ঠানত উপস্থিত থাকে(Best School Award to 84 Schools) ৷

এই বঁটাৰ লগত এখন প্ৰমাণ পত্ৰ, এটি স্মাৰক প্ৰদান কৰা হয় ৷ বঁটা দিয়াৰ পূৰ্বে বিদ্যালয়সমূহৰ শিক্ষক, সভাপতিসকলকো সম্বৰ্ধনা জনোৱা হয় ৷ এইবাৰ হোজাই মহকুমাৰ ৮৪৮ খন বিদ্যালয়ৰ ভিতৰত ৮৪ খন বিদ্যালয়ক এই বঁটা প্ৰদান কৰা হয় ৷ যি সময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে তেনে সময়তে শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা দিযা কাৰ্যই ৰাইজক অনুপ্ৰাণিত কৰাৰ লগতে শিক্ষক সকলৰো মনোবল বৃদ্ধি কৰিব বুলি বঁটাপ্ৰাপ্তসকলে মন্তব্য কৰে ৷

উল্লেখ্য যে, বিভিন্ন সময়ত দেখা যায় যে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি ভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । কেতিয়াবা যদি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ, আন কেতিয়াবা আকৌ শিক্ষানুষ্ঠানসমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ অভিযোগ । এনেসমূহ কাৰণতে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি সাধাৰণ ৰাইজে অনীহা প্ৰকাশ কৰা পৰিলক্ষিত হয় । কিন্তু তাৰ মাজতো একাংশ দায়িত্বশীল শিক্ষকৰ নেতৃত্বত বহু চৰকাৰী বিদ্যালয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগেও তেওঁলোকক অনুপ্ৰেৰণা যোগাবলৈ মাজে মাজে এনেসমূহ পন্থা হাতত লৈ আহিছে ।

লগতে পঢ়ক: Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.