ডিজিপিৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বঁটা লাভ হোজাইৰ আৰক্ষী বিষয়াৰ

author img

By

Published : Oct 1, 2022, 1:26 PM IST

asp-and-dsp-of-hojai-received-dgps-commendation-medal

ডিজিপিৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বঁটা (DGP's Commendation Medal) লাভ কৰিলে হোজাইৰ দুগৰাকী আৰক্ষী বিষয়াই ৷ আৰক্ষী বিষয়া দুগৰাকীৰ নাম ক্ৰমে, হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰা আৰু উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰ ৷

হোজাই, 1 অক্টোবৰ: আজি অসম আৰক্ষী দিৱস (Assam Police Day) ৷ আজিৰ দিনটোতে হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী আৰক্ষী বিষয়াই ( ASP and DSP of Hojai) ৷ অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হোজাইৰ এই দুগৰাকী আৰক্ষী বিষয়াই ।

বঁটা লাভ কৰা আৰক্ষী বিষয়া দুগৰাকীৰ নাম ক্ৰমে, হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰা আৰু উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰ (DGP's Commendation Medal) ৷ কিছুদিন পূৰ্বে অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাই (APS Ponjit Dowarah) ৰে’লত অভিযান চলাই বহু পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল ৷

asp-and-dsp-of-hojai-received-dgps-commendation-medal
ডিজিপিৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বঁটা লাভ হোজাইৰ প্ৰশাসনিক বিষয়াৰ

ইফালে, উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰেও (DSP Rosy Talukdar) অভিযান চলাই বহু সংখ্যক ভূৱা পাচপৰ্ট জব্দ কৰা বাবে লাভ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বৰ্ষৰ বঁটা ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.