ETV Bharat / state

শিক্ষা বিভাগৰ আজৱ কাণ্ড: মৃত শিক্ষকক নিযুক্তি

author img

By

Published : Feb 13, 2021, 11:18 AM IST

শিক্ষা বিভাগৰ আজৱ কাণ্ড ৷ হোজাইৰ লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত উদালীৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিক্ষক পদত নিযুক্তি পাইছে মৃত ব্যক্তি আলাউদ্দিন বৰভূঞাই ৷ বিগত 2020 চনৰ ৪ জুলাইত মৃত্যু হৈছিল শিক্ষক পদত নিযুক্তি পোৱা ব্যক্তিগৰাকীৰ ৷

লংকাত মৃত শিক্ষকক নিযুক্তি
লংকাত মৃত শিক্ষকক নিযুক্তি

হোজাই,13 ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আজৱ কাণ্ড ৷ লংকাত এইবাৰ জীৱিত অৱস্থাত নহয়, মৃত্যুৰ পাছতহে শিক্ষক পদত নিযুক্তি পাইছে এগৰাকী ব্যক্তিয়ে ৷ হোজাই জিলাৰ লংকাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত উদালীত আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই আজৱ ঘটনা ৷ নিযুক্তি পোৱা মৃত ব্যক্তিগৰাকী হৈছে আলাউদ্দিন বৰভূঞা ৷

লংকাত মৃত শিক্ষকক নিযুক্তি
লংকাত মৃত শিক্ষকক নিযুক্তি

প্ৰাপ্ত তথ্য অনুসৰি, 1984 চনত ৰাইজৰ প্ৰচেষ্টাত মাজ উদালীত স্থাপন কৰা হৈছিল আদৰ্শ প্ৰাথমিক বিদ্যালয়খন ৷ এই বিদ্যালয়খন স্থাপন কৰাৰে পৰাই আলাউদ্দিন বৰভূঞা প্ৰধান শিক্ষক আৰু ৰেহেনা বেগম নামৰ মহিলাগৰাকী সহ-শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত আছিল ৷

লংকাত মৃত শিক্ষকক নিযুক্তি
লংকাত মৃত শিক্ষকক নিযুক্তি

উল্লেখ্য যে, বিদ্যালয়খনৰ নামতেই গোটেই জীৱন উচৰ্গা কৰি দিয়া প্ৰধান শিক্ষক আলাউদ্দিন বৰভূঞাৰ বিগত 2020 চনৰ ৪ জুলাইত মৃত্যু ঘটে ৷ কিন্তু পৰিতাপৰ বিষয় যে, 8 মাহৰ পাছত মৃত লোকজনক শিক্ষক হিচাপে ৰাজ্যৰ শিক্ষা বিভাগে নিযুক্তি দিয়ে ৷ ওৰে জীৱন বিদ্যালয়খনৰ নামত উচৰ্গা কৰি মৃত্যুৰ পাছতহে স্বীকৃতি লাভ কৰে এইগৰাকী শিক্ষকে ৷ শিক্ষা বিভাগৰ এনে হেমাহিৰ প্ৰতি স্থানীয় ৰাইজে গৰিহণা দিয়ে ৷ লগতে প্ৰয়াত শিক্ষকগৰাকীৰ পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক স্থানীয় ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়কঃ নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.