ETV Bharat / state

কলিয়াবৰত অব‍্যাহত প্লাষ্টিক বৰ্জন অভিযান

author img

By

Published : Mar 2, 2020, 3:51 AM IST

মৰাপাটৰ মোনা ব্যৱহাৰ
প্লাষ্টিক বৰ্জন

প্লাষ্টিকৰ সলনি স্থানীয়ভাৱে উৎপাদিত মৰাপাটৰ মোনা ব্যৱহাৰত অধিক গুৰুত্ব প্ৰদান কৰি বিক্ৰেতাৰ ৰূপত সাজু হৈ উঠিছে অসম চৰকাৰ ৷ মূলতঃ প্লাষ্টিক বৰ্জনৰ প্ৰতি সজাগ কৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে হাতত লয় এক অনন্য পদক্ষেপ ৷ জনসাধাৰণে সততে ব‍্যৱহাৰ কৰি থকা প্লাষ্টিক মোনাৰ সলনি কলিয়াবৰ মহকুমা প্ৰশাসনে বিক্ৰীৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে মৰাপাটৰ মোনা ৷ প্ৰশাসনক এই কাৰ্যত সহায় কৰে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে ৷

কলিয়াবৰ,1 মাৰ্চঃ কলিয়াবৰত অব‍্যাহত প্লাষ্টিক বৰ্জন অভিযান ৷ প্লাষ্টিকৰ সলনি স্থানীয়ভাৱে উৎপাদিত মৰাপাটৰ মোনা ব্যৱহাৰত অধিক গুৰুত্ব প্ৰদান কৰি বিক্ৰেতাৰ ৰূপত সাজু হৈ উঠিছে অসম চৰকাৰ ৷ জখলাবন্ধাৰ দেওবৰীয়া সাপ্তাহিক বজাৰত ব‍্যতিক্ৰমী ৰূপত দেখা যায় কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগকে ধৰি অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈ,জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা,জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী আদিক ৷ চৰকাৰী বিষয়া কেইগৰাকীৰ উদ্দেশ্য আছিল প্লাষ্টিকৰ মোনাৰ পৰিৱৰ্তে মৰাপাটৰ মোনা বিক্ৰী কৰা ৷

Anti Plastic Revolution
মৰাপাটৰ মোনা ব্যৱহাৰত গুৰুত্ব প্ৰশাসনৰ

মূলতঃ প্লাষ্টিক বৰ্জনৰ প্ৰতি সজাগ কৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে হাতত লৈছে উক্ত প্ৰশংসনীয় পদক্ষেপ । প্লাষ্টিক বৰ্জন আইন বলৱৎ কৰিয়ে দায়িত্ব সামৰাৰ বিপৰীতে জনসাধাৰণে সততে ব‍্যৱহাৰ কৰি থকা প্লাষ্টিক মোনাৰ সলনি কলিয়াবৰ মহকুমা প্ৰশাসনে বিক্ৰীৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে মৰাপাটৰ মোনা ৷ লগতে মহকুমাধিপতি নেওঁগ আৰু মৰাপাট কলৰ পৰিচালন সঞ্চালক গৰাকীয়ে জখলাবন্ধাৰ সাপ্তাহিক বজাৰত বিক্ৰেতাৰ ৰূপত উপস্থিত থাকে ৷ বিষয়া দুগৰাকীক এই কাৰ্যত সহায় কৰে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে ৷

প্লাষ্টিক বৰ্জনৰ প্ৰতি সজাগ কলিয়াবৰ মহকুমা প্ৰশাসন

উক্ত পদক্ষেপে কলিয়াবৰত অব্যাহত থকা প্লাষ্টিক বৰ্জনৰ নীৰৱ আৰু অবিৰত আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰে । স্থানীয়ভাবে প্ৰস্তুত মৰাপাটৰ মোনা ক্ৰয় কৰিবলৈ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় । উল্লেখ্য যে,মৰাপাটৰ মোনা নিৰ্মাণৰ প্ৰাৰম্ভিক পুঁজি কলিয়াবৰ ভ্ৰমণলৈ অহা বিদেশী পৰ্য‍টকৰ মৰাপাট কল দৰ্শনৰ সময়ত প্ৰদৰ্শিত দৰ্শনীৰ জৰিয়তে আয় কৰা ধনৰ বুলি প্ৰকাশ কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওঁগে ।

লগতে চাওকঃডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰশংসা ইটিভি ভাৰতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.