ETV Bharat / state

হোজাই জিলাত ১৪৪ ধাৰা জাৰি

author img

By

Published : May 1, 2021, 10:17 AM IST

ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ আৰু ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰা হৈছে হোজাইত । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মর্মে হোজাইৰ জিলা দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰে । ২ মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশ ।

144 imposed in Hojai district amid covid surge
১৪৪ ধাৰা জাৰি কৰা হৈছে হোজাইত

হোজাই, ১ মে': বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে অধিক কঠোৰ হৈছে নিৰ্বাচনী আয়োগ । এই সময়চোৱাত যাতে ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে । হোজাই জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মর্মে হোজাইৰ জিলা দণ্ডাধীশ ড৹ সদনেক সিঙে এক নিৰ্দেশযোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰে । ২ মে' পৰা এই নিৰ্দেশ কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ১৪৪ ধাৰা বাহাল থাকিব ।

144 imposed in Hojai district amid covid surge
১৪৪ ধাৰা জাৰি কৰা হৈছে হোজাইত

এই নিৰ্দেশ অনুসৰি, ২ মে'ত ভোট গণনা প্ৰক্ৰিয়াৰ অন্তত ৰাজনৈতিক দলে কোনো ধৰণৰ বিজয় সমদল উলিয়াব নোৱাৰিব । ইয়াৰ উপৰিও বিজয়ী প্রার্থী বা বিজয়ী প্রার্থীৰ প্রতিনিধিয়ে নিৰ্বাচনত বিজয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ সময়ত তেওঁৰ সৈতে দুজনতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব ।

এই নিৰ্দেশ উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি দিছে প্ৰশাসনে । যোৱা ৩০ এপ্ৰিলত এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে এই বিষয়ে হোজাই জনসংযোগ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

লগতে পঢ়ক:মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ক'ভিড পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.