ETV Bharat / state

ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

author img

By

Published : Jun 20, 2020, 1:53 PM IST

ROAD CONSTRUCTION CORRUPTION KATILICHERRA CONSTITUENCY
হাইলাকান্দি

পথ বনোৱাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়াই ৷ পথ নিৰ্মাণৰ নামত অহা আৱন্টিত ধন বৰ্বাদ কৰাৰ ফলত খহি পৰিছে পথছোৱা ৷ পূৰ্বতেও কাটলিছেড়া সমষ্টিৰ নিজবাৰ্নাৰপুৰ পাৰ্ট ২ ৰ 1 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ সেয়ে ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়া, বিধায়ক সুজাম উদ্দিন লস্কৰৰ লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷

হাইলাকান্দি, 20 জুনঃ 2 কোটি ৮৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ এটা পথে জ্বলা-কলা খোৱাইছে হাইলাকন্দিৰ কাটলিছেড়া সমষ্টিবাসীক ৷ এবছৰ সম্পূৰ্ণ নহওঁতেই জৰাজীৰ্ণ হৈ পৰিছে পথছোৱা ৷ এবছৰ পূৰ্বে বিধায়ক সুজাম উদ্দিন লস্কৰে এই পথছোৱাৰ আধাৰশিলা স্থাপন কৰিছিল ৷ লগে লগে ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়াৰ নেতৃত্বত বাসাটিল্লাৰ পৰা পাঁহাড় গাঁও হৈ টান্টো সংযোগী পথটোৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু আজি এবছৰ সম্পূৰ্ণ নহওঁতেই পথটো খহি অহাৰ ফলত বাৰিষা জীয়াতু ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

ৰাইজৰ অভিযোগ অনুসৰি, পথ বনোৱাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়াই ৷ পথ নিৰ্মাণৰ নামত অহা আৱন্টিত ধন বৰ্বাদ কৰাৰ ফলত খহি পৰিছে পথছোৱা ৷ পূৰ্বতেও কাটলিছেড়া সমষ্টিৰ নিজবাৰ্নাৰপুৰ পাৰ্ট ২ ৰ 1 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

হাইলাকান্দি

সেয়ে ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়া, বিধায়ক সুজাম উদ্দিন লস্কৰৰ লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷ শীঘ্ৰে বিধায়কক এই অঞ্চলটো পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী কৰে সমষ্টিবাসীয়ে ৷ ইয়াৰোপৰি বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰ জাকিৰ হুছেইন বৰভুইয়াৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.