টিকট কেন্দ্ৰীক সংঘাতত উত্তপ্ত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়

author img

By

Published : Mar 6, 2021, 7:40 PM IST

protest-at-hailakandi-district-congress-office-demanding-ticket

হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত কংগ্ৰেছৰ এজন প্ৰাৰ্থীক টিকট দিয়াৰ দাবীত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত প্ৰতিবাদ ৷ শনিবাৰৰ ভিতৰত হাইলাকান্দি জিলাত কংগ্ৰেছৰ পৰা এজন প্ৰাৰ্থীক টিকট প্ৰদান নকৰিলে কংগ্ৰেছ কাৰ্যালয়ত তলা উলমোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

হাইলাকান্দি,6 মাৰ্চ: টিকট কেন্দ্ৰীক সংঘাতক কেন্দ্ৰ কৰি শনিবাৰে হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ হাইলাকান্দি সমষ্টিত কংগ্ৰেছৰ পৰা টিকটৰ দাবী কৰি হাইলাকান্দি জিলা কংগ্ৰেছৰ বহু কৰ্মীয়ে শনিবাৰে জিলা কংগ্ৰেছ কাৰ্যালয়ত চকী ভাঙি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে কেন্দ্ৰীয় মহিলা কংগ্ৰেছ সভাপতি সুস্মিতা দেবৰ পদত্যাগৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে,কংগ্ৰেছ আৰু এ আই ডি এফৰ মিত্ৰতাৰ পিছত হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক থকা সমষ্টিত কংগ্ৰেছে কোন প্ৰাৰ্থী নিদিয়ে বুলি ঘোষণা কৰিছিল ৷ এই ঘোষণাৰ পিছৰে পৰা হাইলাকান্দি জিলা কংগ্ৰেছত আৰম্ভ হৈছে প্ৰতিবাদ ৷

টিকট কেন্দ্ৰীক সংঘাতত উত্তপ্ত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়

প্ৰতিবাদকাৰী সকলৰ দাবী হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত কংগ্ৰেছৰ এজন প্ৰাৰ্থীক টিকট দিব লাগে ৷ যদিহে শনিবাৰৰ ভিতৰত হাইলাকান্দি জিলাত কংগ্ৰেছৰ পৰা এজন প্ৰাৰ্থীক টিকট প্ৰদান নকৰে তেনেহলে জিলাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰি কংগ্ৰেছ কাৰ্যালয়ত তলা উলমাব বুলি জনাইছে কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়কঃ নগাঁও জিলাৰ ৰাইজৰ দলৰ তিনি প্ৰাৰ্থীৰ সৈতে আছুটীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.