ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

author img

By

Published : Feb 7, 2021, 2:28 PM IST

পথ নিৰ্মানৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ
পথ নিৰ্মানৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

দেওবাৰে হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ অধীনত থকা নাইডু গাঁৱৰ মূল পথচোৱা নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷

হাইলাকান্দি,7 ফেব্ৰুৱাৰী: পুনৰ প্ৰতিবাদত উত্তাল হৈছে ৰাজ্য ৷ শাসনাধীষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ ৰাইজ ৷ উন্নয়নৰ শ্লোগান দি ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনত কিন্তু নিৰ্মিত নহ’ল এই অঞ্চলৰ গড়কাপ্তানি পথ ৷ যিটো পথে এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ এই পথটো হৈছে কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ অধীনত থকা নাইডু গাঁৱৰ মূল পথ ৷ এই পথচোৱা নিৰ্মাণৰ দাবীত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷ পথটোৰে বাৰিষাতো বাদেই খৰালিতো অহা-যোৱা কৰাটো অসম্ভৱ হৈ পৰে ৷ দিনকদিনে অধিক জহি-খহি গৈছে এই পথচোৱা ৷

পথ নিৰ্মানৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ
বিধ্বস্ত পথটোৰ একাংশ

উল্লেখ্য যে, 2014 চনতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত প্ৰায় 98 লক্ষাধিক টকা ব্যয় সাপেক্ষে এই পথচোৱা নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন দিছিল ৷ কিন্তু পৰিতাপৰ বিষয় এই যে, বিগত 7 বছৰে শিল এটাও নপৰিল এই পথচোৱাত ৷ ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই আজিলৈকে সম্পূৰ্ণ নহ’ল এই পথৰ নিৰ্মাণ কাৰ্য ৷

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

উপায়ন্তৰ ৰাইজে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দেওবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে এই পথচোৱাৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰিলে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷

লগতে পঢ়ক : বোকাজানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.