ETV Bharat / state

হাইলাকান্দিত গাড়ীসহ চল্লিশ লাখ টকা লুট

author img

By

Published : Apr 8, 2019, 10:37 AM IST

দেওবাৰে নিশাৰ ভাগত জিলাখনৰ মোহনপুৰত সংঘটিত হয় এক ডকাইতিৰ ঘটনা ৷ সশস্ত্ৰ ডকাইতৰ দলে লুট কৰি নিয়ে সোণৰ অলংকাৰসহ চল্লিশ লাখ টকা আৰু এখন গাড়ী ৷

হাইলাকান্দিত ডকাইতি

হাইলাকান্দি, 8 এপ্ৰিলঃ দেওবাৰৰ নিশাৰ ভাগত সশস্ত্ৰ ডকাইতে চলালে তাণ্ডৱ ৷ হাইলাকান্দি জিলাৰ মোহনপুৰত সংঘটিত হৈছে এই ঘটনা ৷ মোহনপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কাইদূল হুছেইন লস্কৰৰ নিজা বাসগৃহত ডকাইতে চলায় লুটপাত ৷ নিশাৰ ভাগত ব্যৱসায়ীগৰাকীৰ বাসগৃহত সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি ব্যৱসায়ীগৰাকীৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰাৰ লগতে লুটি নিয়ে বহু সামগ্ৰী ৷

হাইলাকান্দিত ডকাইতি

ব্যৱসায়ীগৰাকীৰ গৃহৰ পৰা ডকাইতে সোণৰ অলংকাৰসহ নগদ চল্লিশ লাখ টকা আৰু এখন বাহন লুট কৰি নিয়ে ৷ ঘটনা সন্দৰ্ভত ব্যৱসায়ীগৰাকীয়ে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Slug হাইলাকান্দিত ভয়াবহ ডকাইতি ।

  O/C   হাইলাকান্দিৰ মোহনপুরত যোৱাৰাতি এক ভয়াবহ ডাকাতিৰ ঘটনা সংঘটিত হৈছে । ডকাইত দলে ব্যাবসায়ি  কাইদূল  হুছেইন লস্কৰৰ ঘৰত হোমাই  লুটপাট চলায়।   সশস্ত্ৰ ডকাইত দলে  নগদ টকা সোনৰ অলংকাৰ সহ বিভিন্ন সা সামগ্ৰী লুট কৰে । ডকাইতি কৰি ডকাইত দলে লুট কৰা সামগ্ৰী গৃহস্থৰ এখন গাড়িত কৰি লৈ  যায় । ডকাইতে কাইদূল হুছেইনৰ  পৰিয়ালৰ সদস্যক মাৰধৰ ও কৰে ।   ডকাইতে    এখন গাড়ী সমেত প্ৰায় চল্লিশ লক্ষ টকাৰ  সা সম্পত্তি লুটি নিছে । এই লৈ ক্ষতিগ্রস্ত পৰিয়ালৰ তৰপে আৰক্ষীত গোছৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলেও এতিয়ালৈকে  ডকাইতক গ্ৰেপ্তাৰ কৰিব পৰা নাই । এনে ভয়াবহ ডাকাতিৰ  ঘটনাক  কেন্দ্ৰ কৰি সমগ্ৰ হাইলাকান্দিতে জোকাৰনিৰ সৃষ্টি হৈছে ।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.