ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Sep 7, 2020, 7:35 PM IST

সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰদৰ্শন কৰে গণ সত্যাগ্ৰহ নামৰ এক প্ৰতিবাদী কাৰ্যসূচী ৷ জিলাখনত সংঘটিত প্ৰায় 20 কোটিটকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত ব্যক্তিসকলক আটক কৰি শাস্তি প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷

KMSS protest gainst minority scholarship hailakandi assam etv bharat news
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ প্ৰতিবাদ

হাইলাকান্দি,7 ছেপ্তেম্বৰ: হাইলাকান্দিত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰদৰ্শন কৰে গণ সত্যাগ্ৰহ নামৰ এক প্ৰতিবাদী কাৰ্যসূচী ৷ জিলাখনত সংঘটিত প্ৰায় 20 কোটিটকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত ব্যক্তিসকলক আটক কৰি শাস্তি প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ প্ৰতিবাদ

জিলাখনৰ লালা চহৰৰ মাজমজিয়াত প্ৰায় তিনি ঘণ্টা জোৰা প্ৰতিবাদ সাব্যস্ত কৰা সংগঠন দুটাৰ বাবে চহৰখনত সৃষ্টি হয় এক বিশৃঙ্খল পৰিস্থিতি । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী থানাত প্ৰায় চাৰিটাকৈ গোচৰ ৰুজু হোৱাৰ কথা ব্যক্ত কৰে ৷ কিন্তু ইয়াৰ পিছতো হাইলাকান্দি আৰক্ষীয়ে বিষয়টোত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাত ক্ষোভ প্ৰকাশ কৰে ৷ তদুপৰি দোষীক কৰায়ত্ত নকৰা পৰ্যন্ত সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃ ৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.