ETV Bharat / state

জিএনআৰচিত চিকিৎসা কৰি বাক শক্তি হেৰুওৱাৰ অভিযোগ মহিলাৰ

author img

By

Published : Jun 1, 2021, 3:48 PM IST

বৰপথাৰ সৰুলাংঠাৰ এগৰাকী মহিলাই হৃদৰোগৰ বাবে জিএনআৰচিত দুবাৰকৈ অপাৰেচন কৰিছিল ৷ দ্বিতীয়বাৰ অপাৰেচনৰ পাচত মহিলাগৰাকীয়ে বাক শক্তি হেৰুওৱাত জিএনআৰচিৰ চিকিৎসকে মহিলাগৰাকীক পুনৰ মাতি পঠায় ৷ অৰ্থৰ অভাৱত মহিলাগৰাকী এতিয়াও যাব পৰা নাই হাস্পতাললৈ ৷

women-in-lose-her-speak-capacity-by-treating-in-gnrc
জিএনআৰচিত চিকিৎসা কৰি বাক শক্তি হেৰুৱালে সৰুপথাৰৰ মহিলাই

গোলাঘাট, 1 জুন : গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পাচতে বৰপথাৰৰ এগৰাকী মহিলাই বাকশক্তি হেৰুৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি বৰপথাৰ সৰুলাংঠাৰ মহিলাগৰাকীক শাৰিৰীক অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছিল । কিছুদিন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাচত উন্নত চিকিৎসাৰ বাবে মহিলগৰাকীক জিএনআৰচি (GNRC) লৈ প্ৰেৰণ কৰা হয় ৷ GNRCত মহিলা গৰাকীৰ হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি চিকিৎসকে পৰিয়ালক অৱগত কৰে আৰু চিকিৎসকৰ পৰামৰ্শ মতে দৰিদ্ৰ পৰিয়ালটোৱে মহিলাগৰাকীৰ হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰোৱায় ৷

জিএনআৰচিত চিকিৎসা কৰি বাক শক্তি হেৰুৱালে সৰুপথাৰৰ মহিলাই

অস্ত্ৰোপচাৰৰ কিছুদিন পাচত GNRC-ৰ চিকিৎসকৰ পৰামৰ্শ মতে মহিলাগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে ৷ কিন্তু, কিছুদিন ঘৰত থকাৰ পাচত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ GNRC লৈ যোৱা হয় আৰু চিকিৎসকে পুনৰবাৰ মহিলগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷ কিন্তু, দ্বিতীয়বাৰ কৰা অস্ত্ৰোপচাৰৰ অন্তত মহিলা গৰাকীয়ে বাক শক্তি হেৰুৱাই পেলাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, তেওঁলোকে এই সন্দৰ্ভত GNRCৰ চিকিৎসকৰ লগত যোগাযোগ কৰাত চিকিৎসকে ৰোগীগৰাকীক পুনৰ হাস্পতাললৈ মাতি পঠিয়াই ৷ কিন্তু অৰ্থৰ অভাৱৰ বাবে মহিলাগৰাকীক পৰিয়ালৰ লোক হাস্পতাললৈ নিবলৈ অপাৰগ ৷ ইফালে, অটল অমৃত কাৰ্ড থকাৰ বাবে GNRCত বিনা পইছাত মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰোৱা হৈছিল যদিও আত্মীয়ই জানিব দিয়া মতে দুয়োবাৰে অস্ত্ৰোপচাৰৰ সময়ত পৰিয়ালটোৱে নিজে ঔষধ পাতি নিজে ক্ৰয় কৰিছিল ৷ বৰ্তমান অৰ্থৰ অভাৱত মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ অসমৰ্থ হোৱা পৰিয়েলটোৱে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ পৰা সহায়ৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে কি কয় চিকিৎসকে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.