ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

author img

By

Published : Nov 5, 2021, 6:18 PM IST

Updated : Nov 9, 2021, 5:32 PM IST

uriumghat-missing-women-case

ৰাজ্যত সঘনাই নিখোজ হৈছে বিবাহিত মহিলা ৷ শেহতীয়াকৈ পুনৰ নিখোজ হৈছে ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ এগৰাকী দুটাকৈ সন্তানৰ মাতৃ ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

সৰুপথাৰ, 5 নৱেম্বৰ : বিগত কেইটামান মাহত ৰাজ্যত এগৰাকীৰ পিছত আন এগৰাকীকৈ বহু বিবাহিত মহিলা সঘনে নিখোজ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ সংবাদ মাধ্যমতো এই সম্পৰ্কীয় প্ৰতিবেদন নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে ৷ এনে এক ঘটনাই পুনৰ সংঘটিত হৈছে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১নং লক্ষীপুৰৰ গাঁৱত ৷ বিগত ১৯ দিনে সন্ধানহীন হৈ আছে গাঁওখনৰ মঞ্জু গয়াৰী নামৰ এগৰাকী ২৬ বছৰীয়া মহিলা ।

ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

উল্লখ যোগ্য যে, মহিলা গৰাকীৰ স্বামী মুনু গয়াৰী কৰ্ম সূত্ৰে চেন্নাইত থাকে ৷ মঞ্জু গয়াৰী ঘৰৰ পৰা নোহোৱা হোৱাৰ দিনাও তেওঁ চেন্নাইতে আছিল । স্বামীয়ে জানিবলৈ দিয়া মতে, যোৱা ১৭ অক্টোবৰ তাৰিখৰ পৰাই মহিলা গৰাকীৰ কোনো সন্ধান নাই । চেন্নাইত থকা অৱস্থাতে পত্নী নিখোজ হোৱাৰ খবৰ লাভ কৰি তেওঁ ততাতৈয়াকৈ ঘৰলৈ আহে ৷

ওচৰ চুবুৰীয়া,আত্মীয়ৰ ঘৰ সকলোতে খবৰ লোৱাৰ পিছত মহিলাগৰাকীৰ কোনো সম্ভেদ নোপোৱাত উৰিয়ামঘাট আৰক্ষী চকীত স্বামীয়ে এখন এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি আৰক্ষী তথা পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান চলাই আছে যদিও কোনো খবৰ উলিয়াব পৰা নাই ৷

মন কৰিব লগীয়া বিষয় যে, সন্ধানহীন মহিলা গৰাকী দুটাকৈ পুত্ৰ সন্তানৰ মাতৃ ৷ মাতৃৰ কোনো বাতৰি নাপাই ইতিমধ্যে দুই সন্তান দুখত ভাঙি পৰিছে ৷ আনকি মহিলা গৰাকীৰ সৰু পুত্ৰৰ স্বাস্থ্যৰো অৱনতি হোৱা বুলি জানিব পৰা গৈছে ৷ স্বামী মুনু গয়াৰীৰ আইতাকেও নাতি বোৱাৰীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে ৷ সম্প্ৰতি কোনো লোকে মঞ্জু গয়াৰীৰ কিবা সম্ভেদ পালে ৮৬৩৮৯১৪৮৬৪ / ৮৮১১৯০২০২৬ এই দুটা মোবাইল নম্বৰত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

Last Updated :Nov 9, 2021, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.