ETV Bharat / state

চুৰিৰ সন্দেহত কিশোৰক অমানুষিক নিৰ্যাতন CRPF জোৱানৰ

author img

By

Published : Jun 13, 2021, 7:03 AM IST

উৰিয়ামঘাটত চিআৰপিএফ জোৱানে চুৰিৰ সন্দেহত কিশোৰৰ ওপৰত চলালে অমানুষিক শাৰীৰিক নিৰ্যাতন ৷ ৰেংমা নদীৰ পৰা পানী উঠোৱা এটা সৰু মটৰ পাম্প চুৰি কৰাৰ সন্দেহত ঘৰৰ পৰা মাতি নি নিশা কেম্পত অমানুষিক নিৰ্যাতন চলোৱাৰ ফলত কিশোৰকেইটা বৰ্তমান শয্যাগত হৈ আছে ৷ চিআৰপিএফ বাহিনীটোৰ বিৰুদ্ধে উৰিয়ামঘাট থানাত পৰিয়ালৰ লোকৰ গোচৰ ৰুজু ৷

uriamghat-crpf-punish-three-suspected-teens-thief
চুৰিৰ সন্দেহত কিশোৰক অমানুষিক নিৰ্যাতন CRPF জোৱানৰ

গোলাঘাট, 13 জুন: সৰুপথাৰৰ উৰিয়ামঘাটত চিআৰপিএফ জোৱানে চুৰিৰ অপৰাধত কিশোৰৰ ওপৰত চলালে অমানুষিক শাৰীৰিক নিৰ্যাতন ৷ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট থানাৰ অন্তৰ্গত সোণালী নগৰ গাঁৱৰ তিনিজন কিশোৰক উৰিয়ামঘাটস্থিত ১৪২ নং চিআৰপিএফ বাহিনীৰ জোৱানে এটা পানী উঠোৱা মটৰ পাম্প চুৰি কৰাৰ সন্দেহত ঘৰৰ পৰা মাতি নি নিশা কেম্পত অমানুষিক নিৰ্যাতন চলোৱাৰ ফলত কিশোৰ কেইটা বৰ্তমান শয্যাগত হৈ আছে বুলি পৰিয়ালে জানিবলৈ দিছে ।

নিৰ্যাতিত কিশোৰকেইটি হৈছে ক্ৰমে সোণালী নগৰ গাঁৱৰ সৰুমন গগৈৰ পুত্ৰ পবিত্ৰ গগৈ(১৬), ৰেকিবউদ্দিন আহমেদৰ পুত্ৰ আজিজুৰ আহমেদ(১৬) আৰু কলীয়া গগৈৰ পুত্ৰ জান গগৈ(১৬) ৷ কিশোৰ কেইটাৰ পৰিয়ালে জানিবলৈ দিয়া মতে উৰিয়ামঘাটস্থিত ১৪২ নং চিআৰপিএফ বাহিনীৰ কেইজনমান জোৱান কিশোৰ কেইজনৰ ঘৰলৈ আহি বাহিনীটোৰ কমাণ্ডাৰ গৰাকীয়ে তেওঁলোকক চিনাকী হ’বৰ বাবে মতা বুলি ঘৰৰ পৰা সন্ধিয়া প্ৰায় সাত মান বজাত কেম্পলৈ লৈ যায় ।

চুৰিৰ সন্দেহত কিশোৰক অমানুষিক নিৰ্যাতন CRPF জোৱানৰ

কিশোৰ কেইটাই জানিবলৈ দিয়া মতে চিআৰপিএফ বাহিনীটোৰ কেম্পৰ কাষতে থকা ৰেংমা নদীৰ পৰা পানী উঠোৱা এটা সৰু মটৰ পাম্প চুৰি হোৱাত তেওঁলোকক দোষী সাব্যস্ত কৰি ওৰে নিশা তেওঁলোকক বন্দুকৰ কুণ্ডা, বেত, জোতা আদিৰে প্ৰহাৰ কৰে ৷ নিশা প্ৰায় 3 মান বজাত উৰিয়ামঘাট থানাত জান গগৈ আৰু আজিজুৰ আহমেদক পৰিয়ালক চমজাই দি আৰু পবিত্ৰ গগৈক মুৰ্মুষ অৱস্থাত উৰিয়ামঘাট বেচৰকাৰী বাছ আস্থানৰ সমীপত পেলাই থৈ যায় ৷ পৰৱৰ্তী সময়ত কিশোৰগৰাকীক পৰিয়ালৰ লোকে উদ্ধাৰ কৰি ঘৰলৈ নিয়ে ৷ বাহিনীটোৰ জোৱানসকলে গুৰুলা-গুৰুলকৈ মাৰপিট কৰাৰ ফলত কিশোৰকেইটা অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমান কিশোৰকেইটা চিকিৎসাধীন অৱস্থাত আছে ।

অতি দৰিদ্ৰ পৰিয়াল কেইটাই কিশোৰ কেইটাক উন্নতমানৰ চিকিৎসা কৰাবলৈও বৰ্তমান সক্ষম নহয় ৷ যাৰ ফলত কিশোৰকেইটাৰ ভৱিষ্যত জীৱনলৈ এক অনিশ্চয়তা নামি আহিছে । আনহাতে অঞ্চলটোৰ সচেতন মহলে চিআৰপিএফ বাহিনীটোৱে কিশোৰকেইটাক এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু কিশোৰ কেইটাৰ উন্নত চিকিৎসাৰ বাবে দাবী জনোৱাৰ লগতে এই সন্দৰ্ভত উৰিয়ামঘাট থানাত গোচৰ তৰিছে ।

লগতে পঢ়ক: ধুবুৰীত চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.