ETV Bharat / state

Road Accident in golaghat : গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত

author img

By

Published : Nov 22, 2021, 5:48 PM IST

গোলাঘাটৰ ঢেকিয়ালত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক ৷ এখন ইন'ভা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

tragic-road-accident-in-golaghat
গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা

গোলাঘাট , 22 নৱেম্বৰ : গোলাঘাট(Golaghat)ৰ ঢেকিয়াল(Dhekiyal)ত দেওবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল'লে দুজনকৈ লোকৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি জাঁজীৰ কইনা ঘৰৰ পৰা ওভতি অহাৰ পথত পুৱতি নিশা AS-01-E-A9060 নম্বৰৰ বিবাহ যাত্ৰীৰ এখন ইন'ভা গাড়ীয়ে পথৰ কাষৰ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুঘটনাটো ৷

দূৰ্ঘটনাটো(Golaghat Road Accident)ত গুৰুতৰভাৱে আহত হয় অভিজিত সাহা, মুনিন্দ্ৰ দাস আৰু দিগন্ত বৰুৱা নামৰ তিনিজনকৈ লোক ৷ আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

বিপৰীতে থিতাতে নিহত লোক কেইজন বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে ,গোলাঘাটৰ পূৰ্বাঞ্চল পথত আছিল দৰাৰ ঘৰ । বাহনখনত আছিল তিনিজন Video Grapher, চালক আৰু অন্য এজন লোক ৷

লগতে পঢ়ক : Golaghat Road Accident : প্ৰাণ হেৰুৱালে অসম আৰক্ষী(Assam Police)ৰ জোৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.