ETV Bharat / state

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানাত উত্তেজনা

author img

By

Published : May 31, 2021, 10:35 PM IST

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উৰিয়ামঘাট আৰক্ষী থানাৰ বিষয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সদস্য/সদস্যা সকলৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানাত উত্তেজনা
অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানাত উত্তেজনা

সৰুপথাৰ, 31 মে': সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উৰিয়ামঘাট আৰক্ষী থানাৰ বিষয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সদস্য/সদস্যা সকলৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানাত উত্তেজনা

উল্লেখ্য যে, সমগ্ৰ দেশতে মোদী চৰকাৰৰ ৭ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ কৰ্মী সকলে সেৱাই সংগঠন নামৰ কাৰ্যসূচী পালন কৰা কৰিছিল । সমান্তৰালকৈ, উৰিয়ামঘাটতো পালন কৰা হৈছিল বিজেপি কৰ্মী সকলৰ উদ্যোগত এই কাৰ্যসূচী । উৰিয়ামঘাটত যুৱ মৰ্চাৰ নেতৃত্বত সকলো ৰাজহুৱা স্থানত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰিও ছেনিটাইজাৰ ব্যৱস্থা কৰা হৈছিল ।

এই কাৰ্যসূচী মৰ্মে উৰিয়ামঘাট আৰক্ষী থানাত ছেনিটাইজা কৰিব আহোতে থানাৰ সন্মুখত এখন দোকান বনোৱাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শেষত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু যুৱ মৰ্চাৰ শীৰ্ষ নেতাৰ বুজা-বুজিৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.