ETV Bharat / state

অৱসান ঘটিল চোৰ-পুলিচ খেলৰ: আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 2:25 PM IST

Updated : Dec 11, 2023, 3:51 PM IST

encounter in Golaghat
অৱশেষত অৱসান পৰিল চোৰ-পুলিচ খেলৰ

দেওবাৰে নিশা দেৰগাঁও আৰক্ষীৰ গুলীত নিহত হয় গভাইত চোৰ লাগান চাহানী ৷ আত্মৰক্ষাৰ বাবেহে চোৰটোলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে ৷

অৱশেষত অৱসান পৰিল চোৰ-পুলিচ খেলৰ

গোলাঘাট, 11 ডিচেম্বৰ : দেওবাৰে নিশা গোলাঘাট জিলাৰ দেৰগাঁৱত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় ৷ দেৰগাঁও আৰক্ষীৰ গুলীত নিহত হয় গভাইত চোৰ লাগান চাহানী ।

এই ঘটনাৰ পিচতে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে দেওবাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি কয় যে, দেওবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰে গভাইত চোৰ লাগান চাহানীক । বহু অপৰাধৰ সৈতে জড়িত লাগান চাহানীক আৰক্ষীয়ে আটক কৰাৰ পাচত দেৰগাঁও আৰক্ষী থানাত জেৰা চলায় ৷

এই জেৰাৰ পাচত নিশা প্ৰায় 9.30 বজাত বেচিক ট্ৰেইনিং চেণ্টাৰ সমিতিৰ শ্মশানত চুৰি কৰা সামগ্ৰী দেখুৱাবলৈ যাওঁতে হাবিত লুকুৱাই থোৱা অৱস্থাত এটা পিষ্টল উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে লাগান চাহানীয়ে । ধৃত চোৰটোৱে চুৰি কৰি গোটাই থোৱা সামগ্ৰীবোৰ দেখুৱাবলৈ নিছিল আৰক্ষীক । সেই সামগ্ৰীৰ মাজতে চোৰটোৱে লুকুৱাই ৰাখিছিল পিষ্টলটো ৷

আৰক্ষীয়ে বাৰে বাৰে চোৰটোক গুলীচালনা নকৰিবলৈ কোৱাৰ পিচতো চোৰটোৱে আৰক্ষীলৈ গুলী চলাইছিল ৷ ফলত উপায়ন্তৰ হৈ আত্মৰক্ষাৰ বাবে চোৰটোলৈ আৰক্ষীয়ে গুলীচালনা কৰে ৷ গুলীবিদ্ধ চোৰটোক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে চোৰটোক মৃত বুলি ঘোষণা কৰে ।

এই অভিযানত আৰক্ষীয়ে হিটালীত নিৰ্মিত এটা পিষ্টল, দুই জাঁই খালী কাৰ্টিজ আৰু সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে বহু পৰিমাণে চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাবাৰো দেৰগাঁও আৰক্ষীয়ে লাগান চাহানীক চুৰি কৰাৰ অপৰাধত কৰায়ত্ত কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু জেলৰ পৰা ওলাই আহিয়ে লাগানে পুনৰ দেৰগাঁৱৰ বিভিন্ন স্থানত চলাই চুৰিকাৰ্য । এনেদৰে বছৰ বছৰ ধৰি চোৰ-পুলিচ খেলি আছিল লাগানে ৷ কিন্তু দেওবাৰে দিন বেয়া আছিল চোৰটোৰ ৷

লগতে পঢ়ক: দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

Last Updated :Dec 11, 2023, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.