ETV Bharat / state

দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:05 AM IST

Police encounter in Dergaon
দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ ৷ আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ ৷ ধৃত চোৰটো লাগান চাহানী বুলি চিনাক্ত ৷ বহু অপৰাধৰ সৈতে জড়িত লাগান চাহানীক পূৰ্বে কেইবাবাৰো আৰক্ষীয়ে কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । কিন্তু জেলৰ পৰা ওলাই আহিয়ে পুনৰ দেৰগাঁৱৰ বিভিন্ন স্থানত চুৰিকাৰ্য চলাইছিল লাগানে ।

গোলাঘাট, ১১ ডিচেম্বৰ: ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ এইবাৰ দেৰগাঁৱত গৰজিল আৰক্ষীৰ বন্দুক । দেৰগাঁও আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী । উল্লেখ্য যে, বিগত কিছুদিন ধৰি দেৰগাঁৱত সংঘটিত হৈ আহিছিল ধাৰাবাহিক চুৰিকাণ্ড । দেৰগাঁৱৰ বিভিন্ন স্থানত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰি একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল চোৰে ।

Police encounter in Dergaon
দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

চোৰে অভিনৱ পন্থাৰে চুৰিকাণ্ডসমূহ সংঘটিত কৰি একপ্ৰকাৰৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল । কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ দেৰগাওঁ আৰক্ষীয়ে দেওবাৰে দিনৰ ভাগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গভাইত চোৰটোক ৷ ধৃত চোৰটো লাগান চাহানী বুলি চিনাক্ত ৷ ইয়াৰ পূৰ্বেও কেইবাবাৰো দেৰগাঁও আৰক্ষীয়ে লাগান চাহানীক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । কিন্তু জেলৰ পৰা ওলাই আহিয়ে লাগানে পুনৰ দেৰগাঁৱৰ বিভিন্ন স্থানত চলাইছিল চুৰিকাৰ্য ।

ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে পুনৰ কৰায়ত্ত কৰে গভাইত চোৰ লাগান চাহানীক । বহু অপৰাধৰ সৈতে জড়িত লাগান চাহানীক আৰক্ষীয়ে আটক কৰাৰ পাচত দেৰগাঁও আৰক্ষী থানাত জেৰা চলায় ৷ এই জেৰাৰ পাচত নিশা আৰক্ষীয়ে লাগানক লগত লৈ অভিযান চলায় । কিন্তু এই অভিযানৰ সময়তে সুযোগ বুজি আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ধৃত লাগান চাহানী । কিন্তু দিন বেয়া আছিল লাগানৰ ৷

ধৃত চোৰটোক ভেটিবলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় লাগান ৷ ধৃত চোৰটোক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেৰগাঁও চহৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক: নগাঁৱত পুনৰ এনকাউণ্টাৰ; আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.